NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ : চোকা অস্ত্ৰৰেৰে ডিঙি কাটি হত্যা কৰাৰ সন্দেহ

Posted by: অভীক চক্ৰৱৰ্তী Updated by: অভীক চক্ৰৱৰ্তী November 7, 2020 4:36 pm
ce1e51b0-7d84-11ea-a3d8-29b1e70b9596_800_420

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আজি পুৱা ভাগত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ পাৰৰ চান্দমাৰি অঞ্চলত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি চান্দমাৰিৰ অঞ্চলৰৰে ৰাজেশ সিঙৰ বুলি চিনাক্ত কৰে।

উদ্ধাৰ কৰা মৃতদেহটোৰ ডিঙিত চোকা অস্ত্ৰৰেৰে গভীৰ আঘাত সনাৰ চিহ্ন স্পষ্ট হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

কোনো লোকে যুৱকজনক হত্যা কৰি মৃতদেহটো ব্ৰহ্মপুত্ৰত পেলাই যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

“যোৱা বৃহস্পতিবাৰৰ পৰা ৰাজেশ নিৰুদ্দেশ হৈ আছিল। বৃহস্পতিবাৰৰ পৰাই তেওঁক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰিছিলো। কোনোবাই হত্যা কৰি পেলাই থৈ যোৱা তেওঁৰ মৃতদেহটোৰ আজি আমি সন্ধান লাভ কৰো। দিনৰ ভাগত এই অঞ্চলত কিছুমান যুৱকে ড্ৰাগছ সেৱন কৰেহি।” ৰাজেশৰ ভাতৃ বিশাল সিঙে সংবাদ মাধ্যমৰ আগত কয়।

ইফালে আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত স্নীফাৰ কুকুৰেৰে অভিযান আৰম্ভ কৰিছে।

“তেওঁৰ মৃতদেহত গভীৰ আঘাতৰ চিহ্ন আছে। চোকা অস্ত্ৰৰেৰে তেওঁক কোনাবাই আক্ৰমণ কৰিছে। আমি অভিযান আৰম্ভ কৰিছো, অতি শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আমি সক্ষম হ’ম।” ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়।