NORTHEAST NOW (Assamese)
অসম

আৰম্ভ হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৬ লেনযুক্ত দলঙৰ নিৰ্মাণকাৰ্য

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 1, 2020 4:41 pm
b5a73fc0-22b2-4564-a5f9-5a35c127f220

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমি পূজনেৰে শুভাৰম্ভ কৰে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৬ লেন যুক্ত দলঙৰ নিৰ্মাণকাৰ্য।

উল্লেখ্য যে  ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰিতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল।

সোণাৰাম হাইস্কুল খেলপথাৰৰ পিছফালে আয়োজিত ভূমি পূজনৰ জৰিয়তে আজিৰ পৰা আৰম্ভ হ’ল ৮.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ নিৰ্মাণকাৰ্য।

অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগীয়া এই দলংখনৰ নিৰ্মাণকাৰ্যৰ বাবে ২৬০৮ কোটি টকা আৱণ্টন হৈছে।

ব্ৰাজিলৰ Systra আৰু হাৰিয়ানাৰ SP Singla নামৰ দুটা প্ৰতিষ্ঠানে দলংখনৰ নিৰ্মাণকাৰ্যৰ দায়িত্ব লাভ কৰা বুলি জানিব পৰা গৈছে।

দলংখনৰ নিৰ্মাণকাৰ্য ৪ বছৰৰ ভিতৰত অৰ্থাৎ ২০১৩ চনৰ ১৩ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সময়সীমা বান্ধি দিছে।

৬ লেনযুক্ত এই দলংখন দেখিবলৈ ত্ৰিকোণীয়া তথা ইংৰাজীৰ Y আখৰটোৰ নিচিনা হ’ব। দলংখনৰ এটা পাৰ উত্তৰ গুৱাহাটীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু আন দুটা পাৰ গুৱাহাটীৰ মাছখোৱা আৰু মালিগাঁৱত সংলগ্ন হ’ব।

গড়কাপ্তানী বিভাগৰ অধীনত নিৰ্মাণ হ’ব লগীয়া এই প্ৰকল্পটো সময়মতে সম্পূৰ্ণ হ’লে যোগাযোগ ব্যৱস্থা বহু পৰিমাণে উন্নত হ’ব বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

আজিৰ এই ভূমি পূজন কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, যোগেন মোহন, সংসাদ কুইন ওজাৰ লগতে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।