NORTHEAST NOW (Assamese)
Popular Stories

আজিৰ পৰা ৰন্ধন গেছৰ লগতে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস পাইছে; পিছে কিমান?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 1, 2020 3:13 pm
LPG

পহিলা মাৰ্চৰ পৰাই দেশৰ জনসাধাৰণক কিছু সকাহ দি ৰন্ধন গেছৰ মূল্যৰ হ্ৰাস কৰিছে কেন্দ্ৰীয় চৰকাৰে।

ৰাজ সাহায্যপ্ৰাপ্ত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৫৩ টকা হ্ৰাস কৰা হৈছে। আজি ১ মাৰ্চৰ পৰা প্ৰতিটো চিলিণ্ডাৰ(১৪.২ কিলোগ্ৰাম)ত ৫৩ টকাকৈ মূল্য হ্ৰাস কৰাৰ বাবে এতিয়াৰ পৰা পূৰ্বৰ ৮৯৩.৫০ টকাৰ পৰিৱৰ্তে ৮৪১ টকাকৈ ভৰিব লাগিব উপভোক্তাই।

সাধাৰণতে প্ৰতি মাহৰ ১ তাৰিখে ৰন্ধন গেছৰ মূল্য সলনি কৰা হয়। কিন্তু যোৱা ১২ ফেব্ৰুৱাৰীত ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল।

ইফালে ব্যৱসায়িক ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰো মূল্য ৮৪.৫০ টকা হ্ৰাস কৰা হৈছে।

১২ ফেব্ৰুৱাৰীত ৰাজসাহ্যপ্ৰাপ্ত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ১৫০ টকা বৃদ্ধি কৰা হৈছিল। যাৰ ফলত সকলোবোৰ মহানগৰত ১৪৪.৫০ টকাৰ পৰা ১৪৯ টকালৈকে ইয়াৰ মূল্যবৃদ্ধি ঘটিছিল।

পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস

আজি দ্বিতীয় দিনাও তেল কোম্পানীবোৰে জনগণক কিছু সকাহ দিছে।

আজি দেওবাৰে দেশৰ বিভিন্ন মহানগৰত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ১৫ পইচাৰ পৰা ২৬ পইচালৈকে হ্ৰাস পাইছে। এই হ্ৰাসৰ ফলত আজি গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হৈছে ৭৪.৫২ টকা।

আনহাতে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৩০ পইচা হ্ৰাস কৰা হৈছে। এই হ্ৰাসৰ ফলত গুৱাহাটী মহানগৰীত ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছে ৬৭.৪৪ টকা।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য হ্ৰাস হোৱাৰ বাবে দেশত পেট্ৰল আৰু ডিজেলৰ মূল্যৰ হ্ৰাস কৰা দেখা গৈছে।

বিশ্ব বিভিন্ন ৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে।