NORTHEAST NOW (Assamese)
অসম

৩১ অক্টোৱৰত গৌৰীপুৰত ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ October 30, 2021 3:35 pm

ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ১৩ কাতি ১৯৪৩ শক ( ৩১ অক্টোবৰ, ২০২১ খ্ৰীঃ) দেওবাৰে ধুবুৰী জিলাৰ অন্তৰ্গত গৌৰীপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে।

ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰনী কান্তি ৰায় আৰু সম্পাদক আজাদ আলী আহমেদে এই কথা জনাইছে।

শতবৰ্ষ গৰকা ঐতিহ্যবাহী গৌৰীপুৰ শাখা সাহিত্য সভাৰ আহ্বান ক্ৰমে এই সভা গোৱালপৰীয়া কৃষ্টি – সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত গৌৰীপুৰৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত পুৱা ৮-৩০ বজাৰ পৰা দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হব।

ধুবুৰী জিলা সাহিত্য সভাৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচী মতে পুৱা ৮-৩০ বজাত পতাকা উত্তোলন, ৮-৪৫ বজাত স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ,পুৱা ১০ বজাৰ পৰা বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হব।

এই সভাতেই আগন্তুক দিনৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা , নিষ্ক্ৰিয় শাখা সমূহ সক্ৰিয়কৰণ , নতুন শাখা গঠন আৰু ধুবুৰী জিলা সাহিত্য সভাৰ ভূমি তথা স্থায়ী কাৰ্যাল়য় আদি গুৰুত্বপূৰ্ণ বিবিধ বিষয়ৰ বিষয়ে আলোচনা কৰা হব বুলি জানিব পৰা গৈছে ।