NORTHEAST NOW (Assamese)
অসম

No Entry with Jeans! জিন্স পেণ্ট পিন্ধাই দোষ! জিন্স পিন্ধাৰ বাবেই অভব্য আচৰণৰ বলি যুৱতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী October 31, 2021 12:41 pm
Abuse of young woman for wearing jeans pants

No Entry with Jeans! বিশ্বনাথ চাৰিআলিত জিন্স পেন্ট পিন্ধাৰ বাবেই এগৰাকী মুছলমান যুৱতীক দুৰ্ব্যৱহাৰ কৰিছে এজন ইছলাম ধৰ্মী লোকে। আনকি জিন্স পেন্ট পিন্ধি যোৱাৰ বাবে নুৰুল আমিন নামৰ লোক জনে ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে যুৱতী গৰাকীক।

উল্লেখ যে বিশ্বনাথ নগৰৰ দৈনিক বজাৰৰ সমিপৰ আয়োব খান নামৰ লোকজনৰ কন্যাই যোৱা ২৫ তাৰিখে ঘৰৰ কাষৰে ভাৰাতীয়া হিচাপে থকা নুৰুল আমিন নামৰ লোকজনৰ ঘৰৰ পৰা হেডফোন ক্ৰয় কৰিবলৈ গৈছিল।

কিন্তু যুৱতী গৰাকীয়ে হেডফোন ক্ৰয় কৰিবলৈ যোৱা মুহুৰ্তত জিন্স পেন্ট পৰিধান কৰাৰ বাবেই নুৰুল আমিন নামৰ লোকজনে যুৱতী গৰাকীক দুৰ্ব্যবহাৰ কৰাৰ লগতে যুৱতী গৰাকীক গতিয়াই ঘৰৰ পৰা উলিয়াই দিয়ে।

যুৱতী গৰাকীক নুৰুল আমিন নামৰ ব্যক্তিজনে “মোৰ ঘৰৰ সকলো মহিলাই বুৰ্খা পৰিধান কৰে,হিজাব পৰিধান কৰে।তুমি আমাৰ ঘৰত জিন্স পৰিধান কৰি আহিবলৈ সাহস ক’ত পালা বুলি” মন্তব্য কৰি যুৱতী গৰাকীক এনে দুৰ্ব্যবহাৰ কৰে।

আনহাতে যুবতী গৰাকীক এনে দুৰ্ব্যবহাৰ কৰাৰ সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃ আয়ুব খানে নুৰুল আমিনক প্ৰশ্ন কৰে।যাৰ বাবে নুৰুল আমিনৰ দুই পুত্ৰ ক্ৰমে ৰফিকুল ইছলাম আৰু ছহিদুল ইছলামে পৰবৰ্তী সময়ত ৰাস্তাত ধৰি আয়ুব খানক আক্ৰমণ কৰে।

আক্ৰমণৰ বলি হোৱা আয়ুব খানেবিশ্বনাথ সদৰ আৰক্ষী থানত এক এজাহাৰ দাখিল কৰে।যাৰ ভিত্তিত বিশ্বনাথ সদৰ থানাই নুৰুল আমিনৰ দুই পুত্ৰক আটক কৰে। আনফালে নুৰুল আমিন নামৰ লোকজনেও বিশ্বনাথ সদৰ আৰক্ষী থানাত আয়ুব খানৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে।