NORTHEAST NOW (Assamese)
অসম

অসম অনুসূচিত জাতি পৰিষদৰ উদ্যোগত নাজিৰাৰ কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 2, 2025 6:30 pm

অসম অনুসূচিত জাতি পৰিষদ নাজিৰা জিলা সমিতিৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী সকলৰ এক অভিনন্দন অনুষ্ঠান নাজিৰা কমিউনিটি চেন্টাৰ হলত অনুষ্ঠিত কৰে।

যদুমণি হাজৰিকাই আঁত ধৰা অভিনন্দন অনুষ্ঠানৰ সভাপতিত্ব কৰে অসম অনুসূচিত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ সভাপতি অৰূপ দাসে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম অনুসূচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা,অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সম্পাদক শৈলেন কলিতা,অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক মৃদুল দাস, ড. বি আৰ আম্বেদকাৰৰ ফাউণ্ডেশ্যনৰ অধ্যক্ষ প্ৰাঞ্জল দাস, নাজিৰা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি হৰেণ শৰ্মা, নাজিৰা শিক্ষা খণ্ডৰ মণ্ডল সমল সমন্বয়কদ্বয় সত্যনাথ দাস, হিতেশ্বৰ কোঁৱৰ, ক্ৰীড়া সংগঠক ৰবীন্দ্ৰনাথ দাস, নাজিৰা পৌৰসভাৰ ৱাৰ্ড সদস্যাদ্বয় শুৱলা দাস, উষাৰাণী হাজৰিকা, নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক অনন্ত কলিতা, দিলীপ হাজৰিকা, প্ৰদীপ হাজৰিকা, নয়নমণি ভাৰদ্বাজ ফুকন, ভাস্কৰ জ্যোতি মহন্ত আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।