NORTHEAST NOW (Assamese)
অসম

জনসংযোগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ এজাহাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 10, 2019 8:36 pm

ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে অনুষ্ঠিত কৰা বিভাগটোৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি-অনিয়ম সন্দৰ্ভত অতি শীঘ্ৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব সংঘটিত হোৱাৰ অভিযোগ তুলি দেওবাৰে দিচপুৰ আৰক্ষী থানাত দুৰ্নীতি বিৰোধী যুৱ শক্তি নামৰ এক সংগঠনে এজাহাৰ দাখিল কৰিছে।

এজাহাৰত সংগঠনটোৰ সাধাৰণ সম্পাদক শ্যামল দাসে কয়, ‘যোৱা ৩ মাৰ্চৰ দিনা পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু তাৰ পাছদিনা অৰ্থ্যাৎ ৪ মাৰ্চৰ দিনা বিয়লি চাৰি বজাৰ পূৰ্বে নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা চুড়ান্ত কৰি বাতৰি কাকতলৈ প্ৰেৰণ কৰিছিল।‘

গতিকে ইমান কম সময়ৰ ভিতৰত প্ৰায় ৩০ হাজাৰ প্ৰাৰ্থীৰ বহী নীৰিক্ষণ কৰাটো কিদৰে সম্ভৱ বুলি সংগঠনটোৰ সাধাৰণ সম্পাদকজনে প্ৰশ্ন উত্থাপন কৰে।

আনহাতে, বিভাগটোৰ সৰ্বে-সৰ্বা অ’ এছ ডি (বিশেয় দায়িত্বত থকা বিষয়া) ৰাজীৱ প্ৰকাশ বৰুৱাই আগেয়ে নিযুক্তি প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি ৰাখিছিল বুলিও সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে গুৰুতৰ অভিযোগ অনাৰ লগতে অতি সোনকালে তেওঁক পদবীৰ পৰা বহিস্কাৰ কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালক দাবী জনোৱাৰ উপৰিও তেওঁৰ গ্ৰেপ্তাৰৰ বাবে দাবী তোলে।

ইয়াৰোপৰি, বিভাগত সংঘটিত কেলেংকাৰীৰ শীঘ্ৰে এক তদন্ত কৰি দুৰ্নীতিৰ লগত জড়িত সকলো ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবেও সংগঠনটোৱে দাবী জনায়।

আনহাতে জনসংযোগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অতি শীঘ্ৰে সংগঠনটোয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে সদৰী কৰে।