NORTHEAST NOW (Assamese)
অসম

টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দুদিনীয়া কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত বিষয়া-কৰ্মচাৰীৰ

Posted by: এন ই নাও নিউজ April 4, 2018 8:43 am
Tocklai-Tea-Research-Centre

সমগ্ৰ বিশ্বৰ ভিতৰতে খ্যাতি থকা তথা এটা পুৰণতি চাহ গৱেষণা কেন্দ্ৰ যোৰহাটস্থিত টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ বিত্তীয় সংকট তথা কৰ্তৃপক্ষৰ বঞ্চনাৰ প্ৰতিবাদত বিষয়া-কৰ্মচাৰীসকলে দুদিনীয়া কৰ্মবিৰতি পালন কৰে। জানিব পৰা মতে যোৱা কেইবা বছৰ ধৰি কেন্দ্ৰটোৱে সন্মুখীন হৈ অহা বিত্তীয় সংকটৰ ফলত গৱেষণাৰ কাম বাধাগ্ৰস্ত হোৱাৰ লগতে কেন্দ্ৰটোত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকল নিজৰ ভৱিষ্যতক লৈ শংকিত হৈ আহিছে।

ইয়াৰ মাজতে টোকোলাইৰ কেন্দ্ৰটোৰ বিষয়-কৰ্মচাৰীৰ সমন্বয়ৰক্ষী সমিতিয়ে অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰী তথা উচ্চপদস্থ কাৰ্যবাহীক নতুন দিল্লীত সাক্ষাৎ কৰি এই বিত্তীয় সংকটৰ বিষয়ে অৱগত কৰিছিল আৰু ইয়াৰ অৱসান ঘটাবলৈ স্মাৰকপত্ৰ প্ৰদানৰ জৰিয়তে আহ্বান জনাইছিল।

চলিত বছৰৰ ২ জানুৱাৰিত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুক সমন্বয়ৰক্ষী সমিতিখনে সাক্ষাৎ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীজনে বিত্তীয় সংকট দূৰ কৰাৰ বাবে পুঁজিৰ যোগান ধৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু তাৰ পাছতো সেই প্ৰতিশ্ৰুতি এতিয়াও অপূৰণ হৈয়ে ৰৈছে।

সূত্ৰটোৱে জনায় যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যোৱা ৩১ মাৰ্চত কেন্দ্ৰটোৰ বাবে প্ৰায় ১৪ কোটি টকা মোকলাই দিছে। জানিব পৰামতে এই এই ১৪ কোটি টকাৰ পৰা প্ৰায় ১১.৫ কোটি টকাৰে কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহা দিয়াৰ কথা আছিল। সেই সম্পৰ্কত যোৱা ১৪ ফেব্ৰুৱাৰিতেই টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত থকা  সংস্থাৰ সভাপতি পি কে বেজবৰুৱাৰ দ্বাৰা যোৰহাটৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ত এক বৈঠকত সিদ্ধান্ত কৰা হৈছিল। কিন্তু ইয়াৰ পিছতো কৰ্মচাৰীসকলে

কিন্তু ইয়াৰ পিছতো কৰ্তৃপক্ষই কৰ্মচাৰীসকলক চূড়ান্তভাৱে প্ৰতাৰণা কৰি ৩১ মাৰ্চৰ নিশা কৰ্মচাৰীসকলৰ বেংক একাউণ্টত পুৰণা নিৰিখতে দৰমহা  প্ৰদান কৰে। এই অভিযোগ টোকোলাই বিষয়া-কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতিৰ।

কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰীসকল পৰিচালন কৰ্তৃপক্ষৰ এই অন্যায়ৰ বিৰুদ্ধে ক্ষুভিত হৈ পৰাৰ লগতে তেওঁলোকে ২ আৰু ৩ মাৰ্চত  দুদিনীয়া কৰ্মবিৰতি পালনেৰে কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে টোকোলাই কৰ্তৃপক্ষৰ এনে দুমুখীয়া স্থিতিত যোৰহাটৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়েও আশ্চৰ্য প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। শ্ৰমিক-কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতিয়ে অনতি পলমে  সপ্তম দৰমহা আয়োগৰ অনুমোদনাৱলী অনুসৰি মাৰ্চত দৰমহা আদায় দিয়াৰ দাবী জনাইছে।