NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰ ৰামফলবিলত সমূহীয়া মাছ মৰা উৎসৱ

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ November 1, 2021 2:31 pm

কোকৰাঝাৰ জিলাৰ ৰামফলবিলস্থিত লংগা নৈত জলসিঞ্চন বিভাগে ১৯৭৫ চনৰ পৰা ছুইচ গেটৰ পানী এৰি দিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা অঞ্চলৰ পাৰ্শৱৰ্তী কুৰিখন গাঁওৰ লোকৰ মাজত প্ৰচলন হোৱা মাছ মৰা উৎসৱ আজিও অব্যাহত আছে ৷

ফলত প্ৰতিবছৰৰ দৰে এইবেলিও সেৰফাংগুৰীৰ ৰামফলবিলত লংগা নৈ’ত জলসিঞ্চন বিভাগে বান্ধ খুলি দিয়াৰ সময়ছোৱাতে আজি পুৱা ৫ বজাৰ পৰা ৰাইজৰ মাজত আৰম্ভ হয় মাছ মৰাৰ এক অঘোষিত প্ৰতিযোগিতা ৷

মহিলাই হওঁক পুৰুষেই হওঁক জাকৈ খালৈ লৈ মাছ ধৰা অভিযানত নামি পৰাৰ সমূহীয় দৃশ্য উপভোগ কৰিবলৈ সমাৱেশ ঘটে অসংখ্য জনতাৰ ৷

কোনে কিমান মাছ ধৰিব পাৰে তাৰে চলিল প্ৰতিযোগিতা। ফলত লংগা নৈৰ ছুইচ গেটত চলে উৎসৱ মুখৰ প্ৰতিযোগিতা ৷

কোনোৱাই কেৱল দু-হাতৰে ডাঙৰ ডাঙৰ বৰালি,পাভ, ৰৌ মাছ ধৰি দুপৰীয়া এসাজ খোৱাৰ আনন্দৰ ভাগ লয় মাছ ধৰা উৎসৱত ৷

প্ৰচলিত এই মাছ ধৰা আৰু এসাজ খোৱাৰ বাবে এই দিনটোৰ বাবে অধীৰ আগ্ৰহৰে বাট চাই ৰয় স্থানীয় ৰাইজ।

উক্ত প্ৰচলিত প্ৰথাই অঞ্চলটোত সকলো জাতি- জনগোষ্ঠীৰ মাজত বৰ্তাই ৰাখিছে সাতামপুৰুষীয়া ভাতৃত্বৰ এনাজৰী৷