NORTHEAST NOW (Assamese)
Popular Stories

গ্ৰীণ কফি খাই পাইছেনে? জানো আহক ইয়াৰ উপকাৰিতাৰ বিষয়ে 

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 6, 2023 7:02 am
গ্ৰীণ কফি খাই পাইছেনে? জানো আহক ইয়াৰ উপকাৰিতাৰ বিষয়ে 

শীতৰ এই সমছোৱাত গৰম একাপ কফিয়ে আমাক আনন্দ প্ৰদান কৰে। আমি প্ৰায় সকলোৱে শীতকালত কফি খাওঁ। কিন্তু কেৱল গাখীৰ বা ক’লা কফি নহয়,  গ্ৰীণ কফিও খাওক। 

যদিও গ্ৰীণ কফিৰ বিষয়ে বহুতে নাজানে। এই কফিৰ বহু উপকাৰ আছে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। এই কফি স্বাস্থ্যৰ বাবে অতি উপকাৰী।

আমি সকলোৱে যি ধৰণৰ কফি খাওঁ, সেই ধৰণৰ কফি কফিৰ বীন ৰোষ্ট কৰি তৈয়াৰ কৰা হয়। আৰু সেই বীন পিহি ক’লা কফিৰ গুড়ি পোৱা যায়। আৰু ঠিক একেদৰেই কফিৰ বীন পকাৰ আগতে পিহিলে সেউজীয়া কফিৰ গুড়ি ওলায়। ইয়াৰ সহায়ত গ্ৰীণ কফি তৈয়াৰ কৰা হয়। এই কফিৰ বহু উপকাৰ আছে, জানি লওক সেইবোৰ কি।

গ্ৰীণ কফিয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰিব পাৰে গ্ৰীণ কফিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, ই আপোনাৰ শৰীৰক শীতকালত সুস্থ কৰি ৰাখিব। ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম, ছডিয়াম থাকে। যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে গ্ৰীণ কফি খাওক।

ডায়েবেটিছ ৰোগীয়েও এই কফি সেৱন কৰিব পাৰে। ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীয়ে ৰোজ গ্ৰীণ কফি সেৱন কৰি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে। 

এই কফিয়ে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। তদুপৰি প্ৰতিদিনে একাপ সেউজীয়া কফি খালে শৰীৰৰ পৰা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰি। গ্ৰীণ কফি খালে আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকিব আৰু লগতে কলেষ্টেৰলৰ মাত্ৰাও কমি যাব। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়িব।

গ্ৰীণ কফিয়ে আপোনাৰ ছালখন সুস্থ কৰি ৰাখিব। শীতকালত ছালখন সুস্থ কৰি ৰাখিবলৈ দৈনিক গ্ৰীণ কফি খাওক।  ইয়াত লিনোলিক এচিড, অলিক এচিডকে ধৰি প্ৰচুৰ পৰিমাণে ফেটি এচিড থাকে। ছালখন সুস্থ আৰু উজ্জ্বল কৰি ৰাখিবলৈ দৈনিক গ্ৰীণ কফি খাব লাগে।