NORTHEAST NOW (Assamese)
দেশ

গৌৰী লঙ্কেশ হত্যাকাণ্ড: অভিযুক্ত ১৮ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 1, 2021 7:28 pm
Gauri Lankesh murder case

বেংগালুৰুৰ এখন আদালতে সাংবাদিক গৌৰী লঙ্কেশৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত ১৮ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে।

আটাইকেইজন অভিযুক্তক বেংগালুৰু কেন্দ্ৰীয় কাৰাগাৰ, মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰ আৰু পুনেৰ য়েৰৱাড়া কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বেংগালুৰুৰ বিচাৰ আদালতত হাজিৰ কৰোৱা হৈছিল।

প্ৰখ্যাত সাংবাদিক তথা মানৱ অধিকাৰকৰ্মী গৌৰী লঙ্কেশক ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালুৰুত তেওঁৰ বাসগৃহৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল।

চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰা ১৮ জন অভিযুক্তৰ আটাইকেইজন কট্টৰ হিন্দু পন্থী গোটৰ সৈতে জড়িত আছিল।

অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ ৩০২, ১২০বি, ১১৪, ১১৮, ১০৯, ২০১, ২০৩, ২০৪, ৩৫ ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে। আনহাতে কৰ্ণাটক অস্ত্ৰ আইনৰ ধাৰা ২৫ (১), ২৫ (১বি), ২৭ (১) আৰু কৰ্ণাটক সংগঠিত অপৰাধ আইনৰ ধাৰা ৩(১) (আই), ৩(২), ৩(৩), ৩(৪) ৰ অধীনত অভিযোগ দাখিল কৰিছে আদালতে।

গোচৰটোৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত কমিটিয়ে গৌৰী লঙ্কেশক হত্যা কৰা শ্বুটাৰজনক পৰশুৰাম ৱাঘমাৰে বুলি চিনাক্ত কৰিছিল।

অমল কালেক অভিযুক্ত মূল অভিযুক্ত হিচাপে নামাকৰণ কৰা হৈছে। অমিত দেগৱেকাৰ আৰু সুজিত কুমাৰক হত্যাৰ পৰিকল্পনা কৰা মুখ্য ষড়যন্ত্ৰকাৰী হিচাপে নামাকৰণ কৰা হৈছে।