NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত বাইক চোৰৰ ধাৰাবাহিক অভিযান : অভিনৱ পদ্ধতিৰে তলা ভাঙি লৈ গ’ল বাইক

Posted by: মীনাক্ষী ফুকন,গোলাঘাট Updated by: মীনাক্ষী ফুকন,গোলাঘাট November 4, 2021 8:52 am

গোলাঘাটত চোৰে অব্যাহত ৰাখিছে ধাৰাবাহিক চুৰি অভিযান।

নগৰখনৰ হামদৈপুল অঞ্চলত একে নিশাই তিনিখনকৈ বাইক চোৰে চুৰি কৰি নিয়ে।

এখন আপাছি ১৬০,এখন বুলেটসহ এখন গ্লেমাৰ বাইকত পৰিল চোৰৰ হাতোৰা।

অঞ্চলটোৰ জ্যোতি বসুমতাৰী নামৰ লোকজনৰ এখন আপাছি বাইক আৰু অজিত শৰ্মা নামৰ লোকজনৰ এখন বুলেট বাসগৃহৰ পৰাই চোৰে চুৰি কৰি উধাও হয়।

অৱশ্যে অজিত শৰ্মাৰ গ্লেমাৰ বাইকখন নিব নোৱাৰি আদবাটতে এৰি থৈ যায়।

উল্লেখযোগ্য যে অতি অভিনৱ পদ্ধতিৰে চোৰে বাইক কেইখন চুৰি কৰা বুলি জানিব পৰা গৈছে।

গৰাকীয়ে বাহিৰত মেলি থোৱা কাপোৰৰ সহায়তে অতি কৌশলেৰে বাইকৰ তলা ভাঙি লুটি নিয়ে বাইক কেইখন।

ইতিমধ্যে চোৰ বিচাৰি গোলাঘাট আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।