NORTHEAST NOW (Assamese)
অসম

টীয়কৰ জাঁজীমুখত বিজ্ঞানীৰ দল:জৈৱিক সাৰ প্ৰয়োগৰ উপকাৰিতা সন্দৰ্ভত ৰাইজক কৰিছে সজাগ

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক November 4, 2021 9:35 am

কৃষি ভূমিত ৰাসায়নিক সাৰ প্ৰয়োগে মানৱ শৰীৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ উপৰি পাৰিপাৰ্শ্বিকতাৰ দিশটো কু প্ৰভাৱ পেলায়।
কিন্তু এনে ভয়াবহতাৰ কথা জানিও ৰাসায়নিক সাৰ প্ৰয়োগ কৰি থকা কাৰ্যই চিন্তিত কৰি তুলিছে বিজ্ঞানী সমাজক ।

যাৰ বাবে সাধাৰণ ৰাইজক ৰাসায়নিক সাৰ প্ৰয়োগৰ বিপৰীতে জৈৱিক সাৰ প্ৰয়োগৰ উপকাৰিতা সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ নেষ্টৰ এটা বিজ্ঞানীৰ দলে গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰিছে।

লগতে কৃষি ভূমি পৰিদৰ্শন কৰি উক্ত কৃষি ভূমিত জৈৱিক সাৰ প্ৰয়োগৰ নিয়ম সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰিছে ।

উল্লেখযোগ্য যে নেষ্টৰ বিজ্ঞানী ডঃ ৰাতুল কুমাৰ  শইকীয়াৰ নেতৃত্বত এটা বিজ্ঞানীৰ দলে প্ৰস্তুত কৰি উলিওৱা অ পি ১২ নামৰ জৈৱিক সাৰৰ গুণাগুণ সন্দৰ্ভত কৃষক ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বানে গৰকা টীয়কৰ জাঁজীমুখৰ বেজৰছিগা অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰে ।

উত্তৰ পূব ক্ষুদ্ৰ উদ্যোগী সংস্থা আৰু অংকুৰণ কৃষি পামৰ সহযোগত আয়োজিত এই সজাগতা সভাত নেষ্টৰ কেইবাগৰাকী বিজ্ঞানী উপস্থিত থাকি কৃষক সকলক বিভিন্ন পৰামৰ্শ প্ৰদান কৰে।