NORTHEAST NOW (Assamese)
অসম

‘খোজ অসম’ৰ উদ্যোগত আৰম্ভ হ’ল ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ

Posted by: এন ই নাও নিউজ October 3, 2018 2:21 pm
Dibrugarh Book Festival

ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত ২ অক্তোবৰৰ পৰা ১২ দিনীয়াকৈ আৰম্ভ হৈছে ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ। চহৰখনৰ অগ্ৰণী বেচৰকাৰী সংস্থা ‘খোজ অসম’ৰ উদ্যোগত চলা এই গ্ৰন্থ মহোৎসৱখন অহা ১৩ অক্তোবৰত অন্ত পৰিব।

২ তাৰিখৰ গ্ৰন্থ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ  প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়া।

উদ্যোক্তাই জানিবলৈ দিয়া মতে, গ্ৰন্থ মহোৎসৱৰ আটাইকেইটা দিনতে বিভিন্ন বিষয়ক আলোচনা, ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্য্যসূচী আদি ৰখা হৈছে।

আলোচনা সভাবোৰত বিভিন্ন বিষয়ত দখল থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান আৰু ডিব্ৰুগড় চহৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

আনহাতে, প্ৰতিযোগিতা, আলোচনাৰ উপৰি লেখক-পাঠকৰ আড্ডাও কাৰ্য্যসূচীত ৰখা হৈছে। গ্ৰন্থ মহোৎসৱৰ উদ্যোক্তা ‘খোজ অসম’ৰ কৰ্মকৰ্তাসকলে আটাইবোৰ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে।