NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ IDOL কেলেংকাৰীৰ মূল অভিযুক্ত কন্দৰ্প দাসক নিলম্বন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2021 6:59 pm
GU IDOL Scam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ডিষ্টেন্স এণ্ড অপেন লাৰ্ণিং (IDOL) কেলেংকাৰীৰ মূল অভিযুক্ত কন্দৰ্প দাসক মঙলবাৰে গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা নিলম্বিত কৰা হৈছে।

কন্দৰ্প দাস ইনষ্টিটিউট ডিষ্টেন্স এণ্ড অপেন লাৰ্ণিং (IDOL)ৰ প্ৰাক্তন পৰিচালক আছিল।

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ এখন বৈঠকত কন্দৰ্প দাসক নিলম্বনৰ সিদ্ধান্ত লোৱা হয়।

কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল (CAG)ৰ এক প্ৰতিবেদন অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ IDOLক ২০১০-১১ বৰ্ষৰ পৰা তিনি বছৰৰ বাবে আঠটা পাঠ্যক্ৰম আগবঢ়োৱাৰ উদ্দেশ্যে ২০১০ চনৰ আগষ্টত দূৰত্ব শিক্ষা পৰিষদ (DEC)ৰ অনুমোদনৰ সৈতে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU)ৰ দ্বাৰা স্বীকৃতি দিয়া হৈছিল।

CAG -এ অভিযোগ কৰিছিল যে বিশ্ববিদ্যালয়খনে ২৩ টা অনুমোদিত পাঠ্যক্ৰমৰ অনুমতি দিছিল, যিয়ে ৭০,০০০ ৰো অধিক শিক্ষাৰ্থীৰ ভাগ্য ওলমি ৰাখিছে। এই পাঠ্যক্ৰমবোৰৰ বাবে শিক্ষাৰ্থীসকলৰ পৰা মাচুল হিচাপে ৩৮.০৬ কোটি টকা সংগ্ৰহ কৰা হৈছিল।

উল্লেখ্য যে CAGৰ প্ৰতিবেদন অসমৰ বিধান সভাতো উত্থাপন কৰা হৈছিল।