NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ভাঙৰ সৈতে গ্ৰেপ্তাৰ ব্যৱসায়ী

Posted by: চাজিদ খান Updated by: চাজিদ খান August 23, 2019 11:39 am
udalguri-drug

গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত বৃহস্পতিবাৰে জিলাখনৰ আমিনপাৰা গাঁৱৰ পৰা এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ড্ৰাগছৰ ব্যৱসায়ীজন নুৰ হুছেইন বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

‘আটকাধীন লোকজনৰ বাসগৃহৰ পৰা প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছো’। এই কথা জানিবলৈ দিয়ে ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাই।

আৰক্ষীয়ে এই সংক্ৰান্তত এটা গোচৰো ৰুজু কৰা বুলি জনায়।

লোকজনক গ্ৰেপ্তাৰৰ পাছতে অঞ্চলটোৰ বিনয় কুমাৰ মেধি নামৰ এগৰাকী অধ্যাপকে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ে সমাজখনক এক অস্থিৰ পৰিৱেশৰ মাজলৈ ঠেলি দিয়া বুলি মন্তব্য কৰে।

তেওঁ কয়, ‘আজিৰ যুৱ প্ৰজন্মই দুটা বস্তুৰ প্ৰতি অধিক আকৰ্ষিত হয়। ইয়াৰে এটা হ’ল বাইক আৰু আনটো হ’ল মাৰাত্মক নিচা। সেয়ে অভিভাৱক সকলে ল’ৰা-ছোৱালী সমূহৰ ওপৰত চোকা নজৰ ৰাখিব লাগে’।

ইয়াৰ উপৰি জ্ৰাগছ সেৱন কৰা লোকসকলৰ মাজত অপৰাধ প্ৰৱণতাও বৃদ্ধি পাই বুলি শিক্ষাবিদ গৰাকীয়ে উল্লেখ কৰে।

আনহাতে উক্ত অঞ্চলটোৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে সমাজখন ড্ৰাগছমুক্ত কৰি গঢ়ি তুলিবলৈ আৰক্ষী প্ৰশাসনৰ লগতে চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।