NORTHEAST NOW (Assamese)
অসম

জন্মাষ্টমীৰ আনন্দৰ মাজতে শিৱসাগৰৰ মেটেকাৰ দুটা নামঘৰত চোৰে চলালে লুটপাত

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ August 23, 2019 10:24 am
20190823_094803

আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। জন্মাষ্টমী পালনৰ বাবে ৰাজ্যৰ বিভিন্ন মন্দিৰ নামঘৰত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। কিন্তু এই আনন্দৰ দিনটোতে শিৱসাগৰৰ মেটেকা অঞ্চলবাসী এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে।

কাৰণ জন্মাষ্টমীৰ দিনাই মেটেকাৰ দুটাকৈ নামঘৰত সংঘটিত হৈছে চুৰি কাৰ্য।

ঘটনা বিৱৰণী মতে পুৱা ভকত বৈষ্ণৱ সকল জন্মাষ্টমীৰ বাবে নামঘৰলৈ আহি দেখে যে নামঘৰৰ মণিকূটৰ দুৱাৰ ভাঙি মণিকূটৰ বিভিন্ন সামগ্ৰী লণ্ড-ভণ্ড কৰি পেলাই থৈছে।

মেটেকা বৰনামঘৰ আৰু মেটেকা নামঘৰত একে নিশাই চুৰে চলালে লুটপাত। দুয়োটা নামঘৰত দানপাত্ৰ, কাঁহৰ বাটি, ৰূপৰ ফুল ইত্যাদি চুৰি কৰাৰ লগতে নামঘৰৰ আসন লুটিয়াই থৈ যায় চোৰে।

গাঁও সুৰক্ষা বাহিনী থকাৰ পাছতো একে নিশাই অঞ্চলটোৰ দুটাকৈ বৃহৎ নামঘৰত কেনেদৰে চুৰি কাৰ্য সংঘটিত হ’ল তাক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও চাৰিবাৰ মেটেকাৰ নামঘৰত চুৰি কাৰ্য সংঘটিত হৈছে।