NORTHEAST NOW (Assamese)
অসম

Lunar Eclipse 2021: আজি বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ; বিৰল এই আংশিক চন্দ্ৰগ্ৰহণ কেতিয়া, ক’ত দেখা যাব?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2021 7:48 am

Lunar Eclipse 2021 মহাজাগতিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ চন্দ্ৰগ্ৰহণ শুকুৰবাৰে দেখা পোৱা যাব। বছৰৰ অন্তিম এই আংশিক চন্দ্ৰগ্ৰহণটো ৫৮০ বছৰৰ ভিতৰত দীৰ্ঘতম আংশিক চন্দ্ৰগ্ৰহণ বুলি কোৱা হৈছে।

আজিৰ এই চন্দ্ৰগ্ৰহণ চলিত বছৰটোৰ দ্বিতীয়টো তথা অন্তিম চন্দ্ৰগ্ৰহণ।

এম পি বিৰলা প্লেনেটৰিয়ামৰ ৰিচাৰ্ছ এম্ড একাডেমিকৰ মুৰব্বী দেবীপ্ৰসাদ দুৱাৰিয়ে জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বে ১৪৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত ইমান দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ দেখা গৈছিল।

সেইদৰে, এনে দীৰ্ঘতম আংশিক চন্দ্ৰগ্ৰহণ পুনৰ ২৬৬৯ চনৰ ৮ ফেব্ৰুৱাৰীত দেখা পোৱা যাব।

অসম তথা উত্তৰ-পূব ভাৰতৰ কিছু অংশৰ লগতে উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, পূব এছিয়া, অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এই চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব।

Also Read: ULFA-I Chief Paresh Baruah সাৰ্বভৌমত্বৰ বিষয়ত কোনো আপোচ নহয়; স্পষ্ট কৰিলে আলফা(স্বা:)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই

আনহাতে, ভাৰতৰ অতি কম স্থানৰ পৰাহে এই বিৰল আংশিক চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব। অসম তথা অৰুণাচল প্ৰদেশৰ কেইটামান অঞ্চলৰ পৰা এই গ্ৰহণ দেখা পোৱা যাব বুলি কোৱা হৈছে।

অৱশ্যে, এই চন্দ্ৰগ্ৰহণ বেছি সময় দেখা পোৱা নাযাব। চন্দ্ৰ আকাশত দেখা দিয়াৰ পাছত একেবাৰে পূব দিশত এই গ্ৰহণ দেখা যাব।

সময় অনুসৰি, দিনৰ ১২ বাজি ৪৮ মিনিটৰ পৰা এই আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি ৪বাজি ১৭ মিনিটত ইয়াৰ সমাপ্তি ঘটিব। মুঠ ৩ঘন্টা ২৮ মিনিট ২৪ছেকেণ্ড ধৰি চলিব এই চন্দ্ৰগ্ৰহণ।