NORTHEAST NOW (Assamese)
অসম

Rachin Ravindra নিউজিলেণ্ড দলত ‘শচীন-দ্ৰাবিড়’! চাই লওক এই ক্ৰিকেটাৰৰ কৃতিত্ব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2021 8:56 am
Rachin Rabindra Newzealand

Rachin Ravindra নিউজিলেণ্ড ক্ৰিকেট দলত ভাৰতীয় বংশোদ্ভূত খেলুৱৈৰ কোনোদিনে অভাৱ হোৱা নাই। ইশ ছোধী, জিতন পেটেল, জিত ৰাভালকে ধৰি বহুতেই কিৱি দলক প্ৰতিনিধিত্ব কৰিছে। সেই তালিকাতে আৰু এটা নাম হৈছে ৰচীন ৰবীন্দ্ৰ।

কিন্তু ৰচীন ৰবীন্দ্ৰৰ কাহিনী কিছু সুকীয়া। কিয়নো তেওঁৰ নামৰ সৈতে জড়িত হৈ আছে দুগৰাকী কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰৰ নাম।

দুই প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ৰ নাম দুটা মিলাই নাম ৰখা হৈছে বৰ্তমান ২১ বছৰীয়া ৰচীন ৰবীন্দ্ৰৰ।

নিউজিলেণ্ডৰ ৱেলিংটনৰ এটি ভাৰতীয় পৰিয়ালত জন্মগ্ৰহণ ৰচীনৰ পিতৃ ৰবি কৃষ্ণমূৰ্তি বৃত্তিত এগৰাকী ছফটৱেৰ ইঞ্জিনিয়াৰ আৰু মাতৃ দীপা কৃষ্ণমূৰ্তি এগৰাকী গৃহিনী।

Also Read: Lunar Eclipse 2021: আজি বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণ; বিৰল এই আংশিক চন্দ্ৰগ্ৰহণ কেতিয়া, ক’ত দেখা যাব?

নব্বৈৰ দশকত ৰবি কৃষ্ণমূৰ্তি বেংগালুৰুৰ পৰা ৱেলিংটনলৈ আহে। বেংগালুৰুত থকাৰ সময়ৰে পৰা ক্ৰিকেট অনুৰাগী ৰবিয়ে মাজে সময়ে খেলিছিল যদিও পুত্ৰক ক্ৰিকেটাৰ কৰি তোলাৰ দুৰ্বাৰ হেপাহ আছিল।

ইপিনে, পুত্ৰ ৰচীনে নিজকে ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা চলাই যায়। নিউজিলেণ্ডৰ হৈ দুবাৰ ১৯ অনুৰ্দ্ধৰ বিশ্বকাপত খেলিছে ৰচীনে। ২০১৬ আৰু ২০১৯ত নিউজিলেণ্ডৰ জুনিয়ৰ দলটোক প্ৰতিনিধিত্ব কৰিছে।

ৰচীনে নিউজিলেণ্ডৰ জাতীয় দলৰ হৈ এতিয়ালৈকে ৬খন টী-২০ মেচ খেলিছে। যোৱা ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে জাতীয় দলত অভিষেক ঘটে ৰচীনৰ।

1617855142623
ৰচীন ৰবীন্দ্ৰ।

আনহাতে, বিশ্ব টেষ্ট চেম্পিয়ন দলতো আছিল যদিও প্ৰথম একাদশত স্থান পোৱা নাছিল ৰচীনে। ক্ৰমে এগৰাকী পৈণত ক্ৰিকেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ দিশে আগবাঢ়িছে ৰচীন।

ৰচীনৰ আদৰ্শ ক্ৰিকেটাৰ হৈছে শচীন তেণ্ডুলকাৰ আৰু তেওঁ শচীনৰ দৰেই খেলিবলৈ যত্ন কৰি আহিছে। অৱশ্যে, যোৱা বুধবাৰে ভাৰতৰ বিৰুদ্ধে খেলা টী-২০ মেচখনত মাত্ৰ ৭ৰাণ কৰিয়েই পেভলিয়নলৈ উভতিছিল ৰচীন।