NORTHEAST NOW (Assamese)
Popular Stories

চুলি কটাৰ সৈতে মাছ ধৰা একেবাৰে ফ্ৰী; ভাইৰেল ভিডিঅ’ক লৈ সৰস চৰ্চা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 15, 2024 8:40 pm

চুলি কটাৰ লগতে মাছ ধৰাৰ সুযোগ। এনে এক অনন্য চেলুনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে। আপোনালোকৰ বহুতেই হয়তো বহু চেলুন আৰু স্পালৈ গৈছে, কিন্তু চুলি কটাৰ লগতে মাছ ধৰাৰ ব্যৱস্থা থকা চেলুন কেতিয়াবা দেখিছেনে? হয়, তেনে এখন ৱাটাৰ চেলুনৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে।

এবাৰ চকু ফুৰালে এনে লাগিব তাত যেন বানপানী হৈছে। কিন্তু ভালদৰে চালে বুজিব যে সেয়া বানৰ পানী নহয়। বৰঞ্চ পানীৰে ভৰা চেলুন। এনে এখন অভিনৱ চেলুন দেখি সকলোৱে আচৰিত হৈছে।

লগতে পঢ়কঃ ‘মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যালৈ নাহে শ্ৰীৰাম’; স্বপ্নাদেশ পালে লালু-পুত্ৰই!

ভিডিঅ’টোত বহু লোকে চেলুনত চুলি কটা দেখা গৈছে। ক্লিপটো ভালদৰে চালে লক্ষ্য কৰিব যে গানৰ সুৰত হেয়াৰ ষ্টাইলিষ্ট কেইজনমানে আনন্দৰে নাচিছে। ইয়াৰ বিশেষত্ব হ’ল চেলুনখন সম্পূৰ্ণ পানীৰে ভৰি আছে। আশ্চৰ্যজনকভাৱে সকলোৱে পানীৰ ওপৰত থিয় হৈ আছে।

চেলুনখন এনেদৰে ডিজাইন কৰা হৈছে যাতে গ্ৰাহকে চুলি কটাবলৈ আহিলে তিতি নাযায়। কেৱল সেয়াই নহয়, এই পানীত বিচৰণ কৰি আছে ৰঙীন মাছ। এই ইণ্ডোনেছিয়ান চেলুনখন এতিয়া ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে।

View this post on Instagram

A post shared by RADEN THE BARBER LHOKSEUMAWE ✨ (@radenthebarber.lsm)

এই ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে radenthebarber.lsm নামৰ একাউণ্টৰ পৰা। কেপচনত কোৱা হৈছে এই চেলুনখন ইণ্ডোনেছিয়াত অৱস্থিত। ভিডিঅ’টো চোৱাৰ পিছত মানুহে বিভিন্ন ধৰণে মন্তব্য কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।