NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত কৃষি কৰ্মৰে মূল্য বৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিবলৈ কৃষি ভূমিত নামিল শিক্ষিত উদ্যমী যুৱকৰ দল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 4, 2021 5:43 pm
Bishwanath

নিত্য ব্যৱহাৰ্য অত্যাৱকীয় খাদ্য সামগ্ৰীৰ ক্ৰমাৎ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল এজাক উচ্চ শিক্ষিত যুৱক।কিন্তু এই শিক্ষিত যুৱক সকল চৰকাৰৰ বিৰুদ্ধে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ নহয়,তেওঁলোক ওলাই আহিছে কৃষি কৰ্মৰ দ্বাৰা মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিবলৈ।

উল্লেখ যে ৰাজ্যত প্ৰতিদিনে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা ইন্ধনজাত সামগ্ৰীৰ প্ৰতিদিনে আচৰ্যজনকভাৱে মূল্যবৃদ্ধি হ’বলৈ ধৰিছে।যাৰ বাবে ৰাজ্যৰ জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।

পাকঘৰৰ অপৰিহাৰ্য খাদ্য সামগ্ৰীৰ ভিতৰত বিশেষকৈ খোৱা তেলৰ অনিয়ন্ত্ৰিত মূল্য বৃদ্ধিৰ বাবে সৰ্বত্ৰে চলিছে এতিয়া বিশেষ চৰ্চা৷

ইফালে,বিজেপিৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই খোৱা তেলৰ পৰিৱৰ্তে বইল খাবলৈ সাধাৰণ জনতাক তৰল ইতিকিং সূচক আহ্বান জনোৱাত ক্ষুদ্ধ হৈ পৰিছে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনতা৷ যাৰ বাবে মন্ত্ৰী অতুল বৰাৰ এই মন্তব্যক প্ৰত্যাহ্বান জনাই ‘পথাৰ আমাৰ বজাৰ আমাৰ’ উদেশ্যক সাৰোগত কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰ বান্ধি ৰাইজক যৎকিঞ্চিত সকাহ দিয়া বাবে বিশ্বনাথৰ মোনাবাৰী কাঠনীবাৰীৰ এইসকল উচ্চ শিক্ষিত যুৱকে সৰিয়হ খেতি কৰিবলৈ ওলাই অহা দেখা গ’ল৷

প্ৰায় ৭০ বিঘাৰো অধিক মাটিত পুৰ্ণোদ্যমে সিঁচিছে সৰিয়হৰ বীজ৷ অন্যহাতে,মন্ত্ৰীজনা এই তুলুঙা মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে যুৱক সকলে কয় যে এনেকৈ যদি খোৱাতেলৰ মূল্যবৃদ্ধি কৰি গৈ থাকে, তেন্তে পৰৱৰ্তী সময়ত ডাক্তৰে মিঠাতেল ডাক্তৰে ঔষধ হিচাবে প্ৰেচক্ৰাইব কৰিব আৰু পুৱা-গধূলি দুচামোচকৈ খাবলৈ আহ্বান জনাব৷

কৰ্মোদ্যমীযুৱক সকলৰ এই প্ৰচেষ্ঠাক এতিয়া বহুতেই একে মূখে প্ৰশংসা কৰা দেখা গৈছে৷