NORTHEAST NOW (Assamese)
অসম

Team India কোহলিৰ বিৰাট ব্যৰ্থতা! ৯ বছৰত প্ৰথমবাৰ ICC ৰ কোনো টুৰ্ণামেন্টৰ ছেমিত প্ৰৱেশত ব্যৰ্থ টীম ইণ্ডিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 8, 2021 7:34 am
Team India

Team India আইচিচি টী-২০ বিশ্বকাপত এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ ব্যৰ্থতাই স্বাভাৱিকতে হতাশ কৰিছে দেশৰ ক্ৰিকেট অনুৰাগীসকলক। বিগত ৯ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আইচিচিৰ কোনো টুৰ্ণামেন্টৰ ছেমিফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হ’ল টীম ইণ্ডিয়া।

চলিত টী-২০ বিশ্বকাপৰ ছুপাৰ-১২ৰ পৰাই বিদায় ল’বলগীয়া হ’ল কোহলিৰ টীম ইণ্ডিয়া। নিসন্দেহে কোহলিৰ এয়া এক বিৰাট ব্যৰ্থতা হিচাপে বিবেচিত হৈছে।

শেষবাৰ ২০১২ চনত টী-২০ বিশ্বকাপৰ ছেমিফাইনেলত উপনীত হ’ব পৰা নাছিল। টীম ইণ্ডিয়াই আইচিচিৰ টুৰ্ণামেন্টৰ অন্তিম চাৰিটা স্থানত প্ৰৱেশ কৰিব নোৱাৰা সেই ঘটনাৰ পাছত বিগত ৯ বছৰত কোনো আইচিচিৰ টুৰ্ণামেন্টত এনে হোৱা নাই।

কিন্তু এইবাৰ পুনৰ ৯বছৰ পাছত টী-২০ বিশ্বকাপৰ ছেমিত প্ৰৱেশত ব্যৰ্থ হ’ল টীম ইণ্ডিয়া।

দৰাচলতে ছুপাৰ-১২ত পাকিস্তান আৰু নিউজিলেণ্ডৰ সৈতে প্ৰথম দুয়োখন মেচত পৰাজিত হোৱাৰ সূত্ৰেই টী-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’বলগীয়া হ’ল কোহলিৰ টীম-ইণ্ডিয়া।

দেওবাৰে নিউজিলেণ্ড-আফগানিস্তানৰ মেচখনত আফগানিস্তান বিজয়ী হ’লে ভাৰতৰ ছেমিৰ আশা সজীৱ হ’লহেঁতেন যদিও তেনে কোনো অঘটন নঘটিল।

স্বাভাৱিকতেই যোগ্য দল হিচাপে ছেমিত স্থান দখল কৰিলে নিউজিলেণ্ডে। পাকিস্তানে ইতিমধ্যে তেওঁলোকৰ দমনীয় প্ৰদৰ্শনেৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছে।

এতিয়া টীম ইণ্ডিয়াই গ্ৰুপৰ অন্তিমখন মেচ নামিবিয়াৰ সৈতে খেলি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব।