NORTHEAST NOW (Assamese)
অসম

কে ভি য়াপেনক ড’নাৰ মন্ত্ৰালয়ৰ সচিৱৰ অতিৰিক্ত দায়িত্বভাৰ অৰ্পন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 23, 2019 6:38 pm
Donner ministry

আই এ এছ বিষয়া কে ভি য়াপেনক শুকুৰবাৰে অতিৰিক্তভাৱে ড’নাৰ মন্ত্ৰালয়ৰ সচিৱ হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হয়।

জানিব পৰা মতে, কে ভি য়াপেনক ২৪ আগষ্ট, ২০১৯ ৰ পৰা ৯ ছেপ্তেম্বৰ, ২০১৯ লৈ ইন্দ্ৰজিৎ সিঙ ছুটিত থকা সময়ছোৱাত অতিৰিক্ত দায়িত্বভাৰ অৰ্পন কৰা হয়।

য়াপেনে বৰ্তমান প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা আপত্তি বিভাগ লগতে পেন্সন আৰু পেন্সন কল্যাণ বিভাগৰ সচিৱ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

তেওঁ অসম আৰু মেঘালয় কেডাৰৰ ১৯৮৪ বৰ্ষৰ আই এ এছ বিষয়া।

য়াপেনে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিৱ হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

তেওঁ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ (আই এম এফ)ৰ প্ৰাক্তন জেষ্ঠ পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল।

য়াপেনে দিল্লীৰ চেইণ্ট ষ্টিফেঞ্চ কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল আৰু দিল্লী স্কুল অব ইকোনোমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল।

তেওঁ ব্ৰাডফোৰ্ড য়ুনিভাৰ্চিটিৰ পৰাও মাইক্ৰ’ ইকোনোমিক পলিচি আৰু প্লেনিং বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।