NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে ২৫১.৫৫ কোটি টকা; প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2019 8:45 pm
Modi And Sonowal with conversation

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰলৈ এছ ডি আৰ এফৰ প্ৰথম কিস্তিৰ ২৫১.৫৫ কোটি টকা তাৎক্ষণিকভাৱে মোকলাই দিয়া বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ ৩১ খন জিলা বানবানীত ক্ষতিগ্ৰস্ত হোৱাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে সোমবাৰে মুখ্য মন্ত্ৰী সোণোৱালক ফোন কৰি খবৰ লৈছিল আৰু কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক সকলো প্ৰকাৰৰ সহায় সহযোগিতা কৰাৰ আশ্বাস দিছিল।

আৰু প্ৰধান মন্ত্ৰীৰ আশ্বাসৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ বাবে সাম্প্ৰতিক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ক্ষীপ্ৰতাৰে ২৫১.৫৫ কোটি টকা মোকলাই দিয়ে।

উল্লেখযোগ্য যে, আজি অসমত কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট উপস্থিত হৈ মাজুলীৰ বিভিন্ন স্থানৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে।

বান পৰিস্থিত পৰ্যবেক্ষণৰ অন্তত জলশক্তি দপ্তৰৰ মন্ত্ৰগৰাকীয়ে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ সভাকক্ষক মুখ্য মন্ত্ৰীৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৱত হোৱা প্ৰবল বৰষুণৰ বাবেই ভয়াবহ বানপানী হোৱা বুলি উল্লেখ কৰে আৰু বানপানীৰ বিস্তৃত প্ৰতিবেদন কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ওচৰলৈ প্ৰেৰণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।