NORTHEAST NOW (Assamese)
Popular Stories

নেতৃত্ব দিব বিচাৰে! ভাল নেতা হিচাপে সফল হ’বলৈ অনুসৰণ কৰক এই চাণক্য নীতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 21, 2023 7:01 am

চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ প্ৰধানমন্ত্ৰী চাণক্য ভাৰতৰ ভূমিত জন্ম লোৱা সকলো মহাপুৰুষৰ মাজত স্মৰণীয়। এতিয়ালৈকে ভাৰতৰ মাটিত তেওঁৰ দৰে ৰাজনীতি, কূটনীতি, যুদ্ধ বিশেষজ্ঞ আৰু অৰ্থনীতিবিদ কোনো পুৰুষৰ জন্ম হোৱা নাই। চন্দ্ৰগুপ্ত মুখ্যমন্ত্ৰী হ’লেও চাণক্য আছিল সাম্ৰাজ্যৰ প্ৰকৃত চালিকা শক্তি। চন্দ্ৰগুপ্তৰ সিংহাসনত বহাৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মসৃণ প্ৰশাসনলৈকে সকলো আছিল তেওঁৰ উৰ্বৰ মস্তিস্কৰ ফচল।

চাণক্য ভাৰতীয় সাহিত্য আৰু লোককথাৰ এগৰাকী কিংবদন্তি ব্যক্তি। অৰ্থশাস্ত্ৰ আৰু চাণক্য নীতি নামৰ দুখন গ্ৰন্থত তেওঁৰ বিপুল জ্ঞান লিপিবদ্ধ কৰিছিল। আচলতে এই দুখন গ্ৰন্থত যদি চাণক্যই দিয়া উপদেশ আখৰে আখৰে পালন কৰিব পাৰে, তেন্তে নাম, সফলতা, খ্যাতি আৰু ধন-সম্পত্তিৰ শীৰ্ষত উঠিব পৰাটো সম্ভৱ।

চাণক্যৰ মতে সফল নেতা হ’বলৈ কি কৰা উচিত চাওক-

*চাণক্যই বিক্ৰমাদিত্যক এজন সফল নেতা আৰু ৰজা হিচাপে প্ৰতিষ্ঠা কৰিছিল। চাণক্যই লিখিছে, প্ৰথমে এজন ব্যক্তি দলৰ নেতা হ’বলৈ প্ৰথমতে শৃংখলাৰ প্ৰয়োজন। নিজে সুশৃংখল নহ’লে দলটোক কেতিয়াও শৃংখলাবদ্ধ কৰিব নোৱাৰে।

*চাণক্যৰ মতে এজন ভাল দলৰ নেতাৰ দ্বিতীয় গুণ হ’ল নিস্বাৰ্থতা। যদি নেতাজন স্বাৰ্থপৰ নহয় তেন্তে তেওঁৰ দলটোৱে তেওঁক অনুসৰণ কৰে। ইয়াৰ সমান্তৰালকৈ দলৰ ভিতৰত নেতাৰ প্ৰতি থকা সন্মানো বহুত বাঢ়ি যায়।

*তৃতীয়তে, দলৰ নেতাজন সুক্ষ্ম দৃষ্টি সম্পন্ন হ’ব লাগিব। তেতিয়া তেওঁৰ দলৰ কোনজন মানুহ কি কৰ্তব্যত ভাল সেয়া তেওঁ সহজেই বুজিব। ইয়াৰ ফলত দলটোৰ মাজত বন্ধুত্ব বৃদ্ধি হোৱাৰ লগে লগে প্ৰতিদ্বন্দ্বিতাও কমি যাব। সকলোৱে সুখী হব।

*দল নেতাৰ দূৰদৰ্শিতা আৰু সময় জ্ঞানো অতি গুৰুত্বপূৰ্ণ। এজন দলৰ নেতাৰ ভুল সময় জ্ঞানে দলটোক বিপদত পেলাব পাৰে। আকৌ সঠিক সময়ত সঠিক সিদ্ধান্তই দলটোক বহুত আগুৱাই নিব পাৰে।

*চাণক্যৰ মতে সঠিক পৰিকল্পনা এজন দলৰ নেতাৰ অন্যতম প্ৰধান বৈশিষ্ট্য। কেৱল সঠিক পৰিকল্পনা আৰু সঠিক সময়ত সঠিক কাৰ্য্যই ভয়ানক বিপদৰ পৰা ৰক্ষা কৰাই নহয়, দলটোক শক্তিশালীও কৰি তোলে।