NORTHEAST NOW (Assamese)
অসম

ৰাসৰ প্ৰস্তুতিত বিঘিনি; নতুন চৰকাৰী SOPয়ে বিপাঙত পেলাইছে উদ্যোক্তাক

Posted by: নিৰ্মলেন্দু পাঠক ,টীয়ক Updated by: নিৰ্মলেন্দু পাঠক ,টীয়ক November 11, 2021 2:15 pm
Rass and SOP

ৰাসলৈ যিহেতু মাজত মাথোঁ কেইটামান দিন বাকী সেয়ে ৰাজ্যৰ চৌদিশে এতিয়া চলিছে কৃষ্ণ বন্দনাৰ আখৰা, কংস বধৰ আখৰা। সমান্তৰালভাৱে চলিছে কৃষ্ণৰে গোপী সকলৰ নাচৰ আখৰা।

ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ কাকজানৰ বাম কুকুৰাচোৱা। বাম কুকুৰাচোৱাৰ ৰংগমঞ্চত চলিছে আখৰা। ৮০ টা বছৰ অতিক্ৰম কৰা কাকজনৰ এই ৰাসক লৈ এতিয়া অঞ্চলটোত প্ৰবল উচাহ।

কিন্তু চৰকাৰে ৰাস উদযাপনৰ ক্ষেত্ৰত ঘোষণা কৰা মতে ১০ বছৰৰ তলৰ শিশুৱে ৰাসত অংশগ্ৰহণ কৰিব নোৱাৰা  SOP ক লৈ এতিয়া সৰ্বতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

শিশু অবিহনে ৰাস উদযাপন সম্ভৱ নহয়, শিশু কৃষ্ণৰ লীলাই ৰাসৰ অন্যতম বৈশিষ্ট।

ইপিনে পূৰ্বৰে পৰা চলি অহা ৰাসৰ নাট্যৰূপ সলনি  কৰাতোও সম্ভৱ নহয়, এতিয়া বিপাঙত পৰিছে ৰাস উদযাপন সমিতিসমূহ।

সেয়ে, এই ক্ষেত্ৰত বিজ্ঞজনৰ সৈতে আলোচনামৰ্মে কিছু শিথিলতা আনিবলৈ আহ্বান জনাইছে চৰকাৰক।