NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: নিৰাপত্তাৰ গুলীত পুনৰ নিহত সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2023 12:37 pm
Terrorist Killed

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। উপত্যকাটো সন্ত্ৰাসমুক্ত কৰি তোলাৰ লক্ষ্যৰে বিগত সময়চোৱাত নিৰাপত্তাৰক্ষীয়ে চলাই থকা জোৰদাৰ অভিযানৰ ফলত ইতিমধ্যে শতাধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।

নিৰাপত্তাৰক্ষীৰ এনে এক অভিযানত যোৱা নিশা উপত্যকাটোৰ কুপৱাৰা জিলাত আন এগৰাকী সন্ত্ৰাসবাদী সদস্য নিহত হৈছে বুলি সদৰী কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে কৰা গুলীচালনাত সন্ত্ৰাসবাদী সদস্যগৰাকী নিহত হয়।

এক টুইটত জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰা মতে, আৰক্ষীয়ে লাভ কৰা তথ্যৰ আধাৰত সেনা-আৰক্ষীৰ এটা যুটীয়া দলে ছাইদপোৰা ফৰৱাৰ্ড এলেকাত অভিযান চলায়।

অভিযানকাৰী দলটোৱে অভিযানৰ সময়ত সীমা পাৰ হ’বলৈ চেষ্টা কৰা অনুপ্ৰৱেশকাৰী দলটোক বাধা দিয়ে। অনুসন্ধান অভিযান অব্যাহত আছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

 

উল্লেখ্য যে, নিৰাপত্তাৰক্ষীৰ জোৰদাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিগত বৰ্ষত ৯৩ টা সফল এনকাউণ্টাৰ হোৱা বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে তথ্য প্ৰকাশ কৰিছিল। তথ্য অনুসৰি এই সংঘৰ্ষত ৪২ বিদেশী সন্ত্ৰাসবাদীকে ধৰি মুঠ ১৭২ সন্ত্ৰাসবাদীক হত্যা কৰিছে।