NORTHEAST NOW (Assamese)
Popular Stories

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2025 9:53 am

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। মাজ নিশাৰ পৰা পাকিস্তানে কৰা নাই আক্ৰমণ।

পঞ্জাবৰ অমৃতসৰতো বৰ্তমান স্বাভাৱিক পৰিস্থিতি। অমৃতসৰত পুনৰ বিদ্যুৎ সেৱা আৰম্ভ হৈছে।কিন্তু এতিয়াও অমৃতসৰত ৰেড এলাৰ্ট জাৰি হৈ আছে। প্ৰয়োজনত অমৃতসৰত বাজি উঠিব ছাইৰেন। ঘৰৰ ভিতৰতে সকলোকে থকাৰ আহ্বান জনাইছে প্ৰশাসনে।

জম্মু-কাশ্মীৰত নিশা ৯ বজাৰ পাছত এতিয়ালৈকে LoCত গুলীচালনাৰ কোনো খবৰ পোৱা নাই। গভীৰ নিশা শ্ৰীনগৰত ব্লেকআউট প্ৰত্যাহাৰ কৰা হয়। শনিবাৰে নিশা ৮:৩০ বজাৰপৰা ৯:৩০ বজালৈ শ্ৰীনগৰত ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণ চলিছিল যদিও নিশা ৯:৩০ বজাৰ পাছত শ্ৰীনগৰত কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপ দেখা পোৱা নাই।

মাজ নিশাৰ পাছত ক্ৰমাৎ স্বাভাৱিক হৈছে ৰাজস্থান সীমান্তৰো পৰিস্থিতি। মাজ নিশা জয়ছালমেৰত সংঘটিত হয় ৬টা বিস্ফোৰণ। আনহাতে নিশা বৰমেৰ আৰু শ্ৰীগংগনগৰতো পাকিস্তানৰ পৰা ড্ৰ’ন আক্ৰমণ সংঘটিত হয় যদিও বিফল হয়। নিশা ৯ খন জিলাত ব্লেকআউট কৰা হয়। অৱশ্যে এতিয়া সকলোতে বিদ্যুতৰ ব্যৱস্থা পুনৰ ঘূৰাই দিয়া হৈছে।