NORTHEAST NOW (Assamese)
অসম

নগাঁও জিলাৰ চামগুৰিৰ পশ্চিম শিঙিমাৰীৰ পানী যোগান আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা August 6, 2021 7:59 pm
kka

যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “জল জীৱন” মিচনৰ অধীনত ঘৰে ঘৰে পানী যোগান ধৰাৰ সপোন দেখিছে তেনে সময়ত পোহৰলৈ আহিছে এক ভয়ংকৰ দুৰ্নীতিৰ তথ্য।

আজিৰে পৰা কেইবা বছৰ পুৰ্বে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাইজক পানী যোগান ধৰিবলৈ পুতিছিল পানীৰ পাইপ। কিন্তু সেই  পাইপেৰে ৰাইজক পানী  যোগান ধৰিবলৈ কাৰ্যক্ষম হৈ উঠা নাছিল ।

কিন্তু সেই পুৰণি পাইপ লাইনতে জল জীৱন মিছনৰ পাইপ নতুন সংযোগ কৰাৰ  অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ঠিকাদাৰ আৰু অভিযন্তাই নিজৰ মুনাফাৰ বাবেই এইসমূহ দুৰ্নীতি কৰি ৰাইজক বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত কৰাৰ অভিসন্ধি ৰচিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

যাৰ পৰিপ্ৰেক্ষিতত শিঙিমাৰী অঞ্চলৰ ৰাইজে  প্ৰতিবাদ মুখৰ পৰিবেশৰ সৃষ্টি কৰি অভিযন্তা গ’ বেগ ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল।

এতিয়া প্ৰশ্ন হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্রহণ কৰিবনে? নে এনে প্ৰতিবাদৰ প্ৰতি কোনো গুৰুত্বই দিয়া নহ’ব?