NORTHEAST NOW (Assamese)
অসম

ষোল্ল মাহৰ ভিতৰত ডিমা হাছাও পলিটেকনিক ইন্সটিটিউটৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

Posted by: পংকজ কুমাৰ দেৱ Updated by: পংকজ কুমাৰ দেৱ August 6, 2021 8:24 pm
kka

অহা ষোল্ল মাহৰ ভিতৰত ডিমা হাছাও পলিটেকনিক ইন্সটিটিউট নিৰ্মাণৰ কাম সম্পন্ন কৰিব লাগিব।

এই নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে  লোক নিৰ্মাণ বিভাগৰ গুৱাহাটীত থকা মুখ্য অভিযন্তাক এই নিৰ্দেশ প্ৰদান কৰিছে।

২০১২ চনতে তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ শাসনকালত ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিমা হাছাওত পলিটেকনিক ইন্সটিটিউট স্থাপনৰ বাবে ৮ কোটি টকা আৱন্টন দিয়া হৈছিল। ২০১৪ চনত ইয়াৰ  নিৰ্মাণ কাম আৰম্ভ হয়।

অলপ কাম কৰাৰ পাছত বিভাগে প্ৰায় এক কোটি তেইশ লাখ টকা মোকলাই দিয়ে। কিন্তু ইয়াৰ পাছতে কাম বন্ধ হৈ পৰে।

আজি ছোটো ৱাপু গাঁৱত প্ৰস্তাৱিত পলিটেকনিক ইন্সটিটিউট চৌহদ গুৱাহাটী উচ্চ ন্যায়ালয়ত জনস্বাৰ্থ জৰিত আবেদন কৰা ব্যক্তি সকলে  পৰিদৰ্শন কৰে।

তেওঁলোকে ডিমা হাছাও জিলাৰ আন আন চৰকাৰী আঁচনিতো দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে।

উল্লেখ্য  দুবছৰ আগতে পাহাৰীয়া জিলা খনৰ সামাজিক সংগঠন ডিমাছা নেচনেল কাউন্সিলৰ  সদস্য ক্ৰমে দিয়ুংব্ৰাৰ ৰতন হোজাই, হাফলংৰ দিৰঞ্জয় নাইডিং, জয়মেন্দ্ৰ থাউচেনে  গুৱাহাটী উচ্চ ন্যায়ালয়ত এক জনস্বাৰ্থ জৰিত আবেদন দাখিল কৰিছিল।

ন্যায়ালয়ৰ ৰায় অনুসৰি ২০২২ চনৰ ডিচেম্বৰ মাহত নিৰ্মাণ কাম সম্পূৰ্ণ কৰিব লাগিব প্ৰস্তাৱিত পলিটেকনিক ইন্সটিটিউটৰ।