NORTHEAST NOW (Assamese)
অসম

কলাইগাঁও মহাবিদ্যালয়ৰ ভূমি বেদখল মুক্ত কৰাৰ দাবীত আছুৰ প্ৰতিবাদ

Posted by: চাজিদ খান, ওদালগুৰি Updated by: চাজিদ খান, ওদালগুৰি November 11, 2021 6:27 pm

চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ দাবীত আছুৰ তীব্ৰ প্ৰতিবাদ।

শতাধিক ছাত্ৰ-ছাত্ৰীৰ সমদলে আজি ৰাজপথ উত্তাল কৰিলে ওদালগুৰি জিলাৰ কলাইগাওঁ চহৰ ৷

কলাইগাওঁ চহৰৰ মাজেৰে সমদল কৰি চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে কলাইগাওঁ আঞ্চলিক ছাত্ৰ সন্থাই ৷

ওদালগুৰি জিলাৰ কলাইগাঁও মহাবিদ্যালয়ৰ নামত থকা ভূমি বেদখল মুক্ত কৰাৰ দাবীত কলাইগাঁও কনিষ্ঠ মহাবিদ্যালয় আৰু কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত,কলাইগাঁও কলেজৰ মাটি বেদখল মুক্ত কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে কলাইগাঁও মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰায় ৫ কিলোমিটাৰ পথ চহৰৰ মাজেৰে বিভিন্ন প্ৰতিবাদী শ্লোগান দি কলাইগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰে ।

উল্লেখযোগ্য যে কলাইগাঁও মহাবিদ্যালয়ৰ নামত থকা ৭৮ বিঘা ভূমি অবৈধ ভাবে দখল কৰিছে বিভিন্ন জনে৷

এই ভূমি ১৯৮৭ চনতে তদানীন্তন ৰাজ্যপাল ভীষ্ম নাৰায়ণ সিঙে আৱণ্টন দিছিল যদিও বৰ্তমান এই ভূমি দখল কৰি আছে একাংশ লোকে।

ছাত্ৰ-ছাত্ৰী সকলে উক্ত বেদখল ভূমি মুক্ত কৰক, বেদখলকাৰী হুছিয়াৰ, অসম চৰকাৰ হাই হাই ইত্যাদি বিভিন্ন ধৰণৰ শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।