NORTHEAST NOW (Assamese)
অসম

দহ হেজাৰ নামঘৰৰ তথ্য সমৃদ্ধ গ্ৰন্থ প্ৰকাশ কৰিব উত্তৰ গুৱাহাটীৰ আউনীআটি সত্ৰই

Posted by: এন ই নাও নিউজ December 1, 2018 10:03 am
IMG_20180302_205305

এক বিৰল পদক্ষেপ গ্ৰহণ কৰি উত্তৰ গুৱাহাটীত অৱস্থিত আউনীআটি সত্ৰই প্ৰথমবাৰৰ বাবে দহ হেজাৰ নামঘৰৰ তথ্য সমৃদ্ধ গ্ৰন্থ মুকলি কৰিব। শুকুৰবাৰে সত্ৰখনত উপস্থিত হৈ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে এই কথা ঘোষণা কৰে।

সত্ৰাধিকাৰ গৰাকীয়ে জানিবলৈ দিয়ে যে সত্ৰখনিয়ে উজনি অসম, মধ্য অসম আৰু নামনি অসম ভিত্তিত সত্ৰীয়া সমাৰোহ অনুষ্ঠিত কৰি চাৰিটা খণ্ডত এই গ্ৰন্থ মুকলি কৰিব। অসমৰ পোন্ধৰশ নামঘৰৰ তথ্য সমৃদ্ধ প্ৰথম খণ্ড প্ৰথমে মুকলি কৰা হ’ব ইয়াৰ পাছত বাকী তিনিটা খণ্ড পৰ্যায় ক্ৰমে মুকলি কৰা হ’ব।

সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক-গৱেষক দেৱ গোস্বামীয়ে জানিবলৈ দিয়ে যে সত্ৰ নগৰী মাজুলীত সমাৰোহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই গ্ৰন্থৰ বাবে নামঘৰৰ তথ্য যোগান ধৰিবলৈ অসমৰ সমূহ ৰাইজক সত্ৰাধিকাৰ গৰাকীয়ে আহ্বান জনাইছে।

আনহাতে, এগৰাকী অত্যন্ত সমাজ সচেতন তথা গতিশীল নেতৃত্বৰ ব্যক্তি দেব গোস্বামীয়ে সমাগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাইজক বিশেষভাৱে আহ্বান জনাই দল চাই নহয়, প্ৰাৰ্থী চাইহে ভোট দিবলৈ কয়।

সত্ৰাধিকাৰ দেব গোস্বামীয়ে পূৰ্বৰ স্থিতি দোহাৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰো বিৰোধিতা কৰে। বিদেশীক বেলেগে বেলেগে ভাগ কৰাৰ কোনো প্ৰশ্ন নুঠে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।