NORTHEAST NOW (Assamese)
অসম

Covid Vaccination Drive ঘৰে ঘৰে চলাব সমীক্ষা; ধুবুৰীত প্ৰতিজন লোকক ভেকচিন প্ৰদানৰ তৎপৰতা জিলা প্ৰশাসনৰ

Posted by: মুকেশ কুমাৰ সিং, ধুবুৰী Updated by: মুকেশ কুমাৰ সিং, ধুবুৰী November 12, 2021 9:51 am
WhatsApp Image 2021-11-11 at 8.59.02 PM

Covid Vaccination Drive দেশৰ প্ৰতিজন লোকক কোভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে গৈ সমীক্ষা চলাই বাদ পৰাসকলক প্ৰতিষেধক দিয়া হ’ব বুলি কৰা ঘোষণাৰ পিছতে ধুবুৰী জিলাতো প্ৰশাসনে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিছে৷

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি ঘৰে ঘৰে গৈ বিভিন্ন কাৰণত কোভিড ভেকচিন নোলোৱা লোকক বিচাৰি উলিওৱাৰ বাবে আৰম্ভ কৰা হৈছে এক সমীক্ষা৷

বি এল অ’, আশা আৰু অংগনবাড়ী কৰ্মীসকলে জিলাখনৰ প্ৰতিখন ঘৰলৈ গৈ প্ৰতিষেধক নোলোৱা ব্যক্তিক বিচাৰি উলিয়াব৷

তেওঁলোকৰ কামৰ তত্বাৱধান কৰিব বি এল অ’ ছুপাভাইজাৰ, আশা ছুপাভাইজাৰ আৰু অংগনবাড়ী ছুপাভাইজাৰসকলে৷

Also Read: Assam water project named after Pakistan পাকিস্তানৰ নামেৰে অসমত পানী যোগান আঁচনি! বিতৰ্কত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প

বৃহস্পতিবাৰে ধুবুৰী জিলা পুথিভড়ালৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ছুপাৰভাইজৰসকলক এই সন্দৰ্ভত যাবতীয় নিৰ্দেশনা আৰু প্ৰশিক্ষণ দিয়া হয়৷

অনুষ্ঠানত ছুপাভাইজাৰসকলৰ কাম তদাৰকৰ দায়িত্বত থকা ছেক্টৰ বিষয়া তথা সহকাৰী ভোটাৰ পঞ্জীয়ন বিষয়া আৰু ছেক্টৰ বিষয়াসকলৰ তত্বাৱধায়কৰ দায়িত্বত থকা জ’নেল বিষয়া তথা ধুবুৰী জিলাৰ ৰাজহ চক্ৰ বিষয়াসকল উপস্থিত থাকে৷

অনুষ্ঠানত বিষয়া আৰু ছুপাভাইজাৰসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী আৰু ভেকচিনৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে৷

Also Read:Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

অতিৰিক্ত উপায়ুক্ত দাসে সদৰি কৰা মতে বি এল অ’, আশা আৰু অংগনবাড়ী কৰ্মীসকলে সমীক্ষা কৰি ভেকচিন নোলোৱা ব্যক্তিৰ তালিকা অহা ২১ নৱেম্বৰৰ ভিতৰত দাখিল কৰিব৷ এই তালিকাৰ আধাৰত ২২ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ বাদ পৰি যোৱাসকলক প্ৰতিষেধক দিয়া হ’ব৷