NORTHEAST NOW (Assamese)
দেশ

কোন হ’ল সীতাৰাম য়েচুৰিৰ উত্তৰাধিকাৰী? নতুন সাধাৰণ সম্পাদকৰ নাম ঘোষণা চিপিএমৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 6, 2025 8:37 pm
কোন হ’ল সীতাৰাম য়েচুৰিৰ উত্তৰাধিকাৰী? নতুন সাধাৰণ সম্পাদকৰ নাম ঘোষণা চিপিএমৰ

চিপিএমৰ শীৰ্ষ পদত দক্ষিণৰ প্ৰভাৱ বহু পুৰণি। আগতে প্ৰকাশ কাৰাত আৰু সীতাৰাম ইয়েচুৰি দুয়োজনেই দক্ষিণৰ আছিল। এইবাৰো চিপিএমৰ শীৰ্ষ পদত দক্ষিণৰ নেতাই স্থান লাভ কৰিছে।

সীতাৰাম ইয়েচুৰিৰ মৃত্যুৰ পিছত খালি হৈ আছিল চিপিএমৰ সাধাৰণ সম্পাদকৰ পদ। দলটোৱে ঘোষণা কৰিলে নতুন সাধাৰণ সম্পাদকৰ নাম। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (মাৰ্ক্সবাদী) ২৪ সংখ্যক অধিৱেশনৰ সামৰণি অনুষ্ঠানত কেৰালাৰ প্ৰাক্তন মন্ত্ৰী আৰু প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ এম এ বেবিক চিপিএমৰ সাধাৰণ সম্পাদকৰ ভাৰ প্ৰদান কৰা হৈছে।

এম এ বেবিৰ সম্পূৰ্ণ নাম মাৰিয়াম আলেকজাণ্ডাৰ বেবি। তেওঁ চিপিএমৰ ছাত্ৰ সংগঠন এছ এফ আইৰ নেতা আছিল। পিছত যুৱ সংগঠন ডি ৱাই এফ আইৰ সৰ্বভাৰতীয় সম্পাদকৰ দায়িত্ব পালন কৰিছিল। তেওঁ কেৰালাৰ শিক্ষামন্ত্ৰী আছিল আৰু ১৯৮৬ৰ পৰা ১৯৯৮লৈ ১২ বছৰ ৰাজ্যসভাৰ সদস্য হৈ আছিল।