NORTHEAST NOW (Assamese)
অসম

এমট্ৰ’নৰ একাউন্টৰ পৰা ২.৫৭ কোটি টকা হৰলুকি, CID য়ে গ্ৰেপ্তাৰ কৰিলে গাণনিক বিষয়া ৰাহুল হুজুৰীক

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 12, 2021 3:48 pm
AMTRON

অতি ৰহস্যজনকভাৱে এমট্ৰ’ন কোম্পানীৰ একাউন্টৰ পৰা হৰলুকি হৈছে ২.৫৭ কোটি টকা।

বৃহস্পতিবাৰে এই হৰলুকীৰ ঘটনা পোহৰলৈ আহিছিল।

লগে লগে এমট্ৰ’ন কতৃপক্ষই পানবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল।

তাৰ লগতে বেংক কতৃপক্ষই চিআইডিত এক গোচৰ ৰুজু কৰিছিল। ইতিমধ্যে তদন্ত অৱ্যাহত ৰাখিছে চিআইডিয়ে।

ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৰাহুল হুজুৰী নামৰ এজন গাণনিক বিষয়াক গ্ৰেপ্তাৰ কৰিছে চিআইডিয়ে।

জানিব পৰা মতে আৰটিজিএছ কৰি অন্য কেইবাটাও একাউণ্টলৈ স্থানান্তৰ কৰা হৈছিল টকাখিনি৷

সুত্ৰ অনুসৰি ৮ নৱেম্বৰত বেংক অব মহাৰাষ্ট্ৰ, পাণবজাৰ শাখাৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছিল ২.৫৭ কোটি টকা।

ৰাহুল হুজুৰীৰ মেইলৰ পৰা ৮ নৱেম্বৰত বেংক কৰ্তৃপক্ষলৈ মেইল কৰা হৈছিল৷

অৱশ্যে ৰাহুল হুজুৰীয়ে নিজৰ মেইল হেক কৰা বুলি জেৰাত ভাষ্য প্ৰদান কৰে৷