NORTHEAST NOW (Assamese)
অসম

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2021 7:16 am
COVID19

Covid Update শুকুৰবাৰৰ দিনটোতো অসমত কোভিডত আক্ৰান্তৰ হাৰ ১ শতাংশৰ তলতে থকাৰ লগতে সুস্থতাৰ হাৰ বৃদ্ধিয়ে যথেষ্ট আশাৰ সঞ্চাৰ কৰা বুলি ক’ব পাৰি।

ৰাজ্যখনত ২৪ ঘন্টাত সৰ্বমুঠ ৪০,৬১৩ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ২৫১ গৰাকী ব্যক্তিৰ শৰীৰত কোভিড সংক্ৰমণ ধৰা পৰে।

কামৰূপ মেট্ৰ’ত এই দিনটোত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৮৭ গৰাকী।

আনহাতে, শুকুৰবাৰে কোভিড সংক্ৰমণৰ হাৰ হৈছে ০.৬২ শতাংশ।

সেইদৰে ৰাজ্যত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈ এগৰাকী লোকৰ মৃত্যু হৈছে।

শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৰাজ্যত কোভিড ৰোগীৰ সুস্থতাৰ হাৰ হৈছে ৯৮.৪ শতাংশ।

ইপিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত পুনৰ লকডাউনৰ সম্ভাৱনা নুই কৰি আহিছে।

তদুপৰি, ৰাজ্য চৰকাৰে সকলো কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।