NORTHEAST NOW (Assamese)
অসম

New SOP অসম চৰকাৰৰ নতুন SOP; গৰ্ভৱতী মহিলা চৰকাৰী কৰ্মচাৰীও আহিব লাগিব কাৰ্যালয়লৈ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2021 7:56 am
jonota-bhawan-750x375

New SOP ৰাজ্য চৰকাৰে পুনৰ এক SOP প্ৰকাশ কৰিছে। শুকুৰবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰিছে এই নতুন SOP।

নতুন SOP অনুসৰি, চৰকাৰী কৰ্মচাৰী গৰ্ভৱতী তথা ৩ বছৰৰ তলৰ শিশুৰ মাতৃয়েও এতিয়াৰে পৰা বাধ্যতামূলকভাৱে আহিব লাগিব কাৰ্য্যালয়লৈ।

ৰাজ্যখনত কৰ’না পৰিস্থিতিৰ উন্নতি হোৱাৰ পৰিপ্ৰেক্ষিতত লোৱা হৈছে এই সিদ্ধান্ত।

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা এই নতুন SOPৰ এই নিৰ্দেশনা ৰাজ্য চৰকাৰৰ কাৰ্য্যালয়, PSU, বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ কাৰ্য্যালয়ত প্ৰযোজ্য হ’ব।

অৱশ্যে কৰ্তৃত্বশীল ছুটীত থকাসকলৰ বাবে এই নিৰ্দেশনা প্ৰযোজ্য নহ’ব।