NORTHEAST NOW (Assamese)
অসম

Encounter মহাৰাষ্ট্ৰৰ গড়চিৰোলিত আৰক্ষী-মাওবাদীৰ সংঘৰ্ষত কমেও ২৬জন মাওবাদী নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 14, 2021 7:33 am
26-Maoists-killed-in-police-encounter Gadchiroli

Encounter মহাৰাষ্ট্ৰৰ গড়চিৰোলিত শনিবাৰে আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষত কমেও ২৬জন মাওবাদী নিহত হয়। তদুপৰি, এই সংঘৰ্ষত কেইবাজনো আৰক্ষীৰ লোকো আহত হয়।  

আৰক্ষীৰ মতে গড়চিৰোলিৰ মাৰ্দিনতোলাৰ কোৰচি অঞ্চলত শনিবাৰে পুৱাৰে পৰা মাওবাদীৰে সৈতে মহাৰাষ্ট্ৰ আৰক্ষীৰ বিশেষ ‘চি-৬০ কমাণ্ডো’ৰ সংঘৰ্ষ আৰম্ভ হয়।

বিশেষ তথ্যৰ ভিত্তিত খৱৰ লাভ কৰাৰ পাছতেই আৰক্ষী বাহিনীয়ে অভিযান চলায় আৰু দুয়োপক্ষৰ মাজত তুমুল গুলীয়াগুলীৰ যুঁজ আৰম্ভ হয়।

বাতৰি অনুসৰি, আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ২৬জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে।

ইপিনে, এই সংঘৰ্ষত চাৰিজন আৰক্ষীৰ লোক আহত হোৱা বুলি কোৱা হৈছে। তেওঁলোকক ততাতয়াকৈ চিকিৎসাৰ বাবে হেলিকপ্টাৰেৰে নাগপুৰলৈ নিয়া হয়।

আনহাতে, নিহত মাওবাদীকেইজনৰ মাজত কোনো শীৰ্ষ নেতা আছেনে নাই সেই কথা জানিব পৰা হোৱা নাই।