NORTHEAST NOW (Assamese)
অসম

Covid in School শিৱসাগৰৰ বিদ্যালয়ত ক’ভিড সংক্ৰমণৰ আতংক; ১৫গৰাকীৰ দেহত ধৰা পৰিছে পজিটিভ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ November 15, 2021 3:08 pm
Covid in Sibsagar school

Covid in School ৰাজ্যত সামগ্ৰিকভাৱে ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও কিছুমান অঞ্চলত নতুনকৈ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে।

শিৱসাগৰৰ ইখনৰ পিছত সিখন বিদ্যালয়ত কভিডৰ আতংক দেখা গৈছে।

দিকচু হাইস্কুলৰ পিছত এইবাৰ কালুগাঁও বৰপাত্ৰদ’ল হাইস্কুলতো ক’ভিডৰ আতংক বিয়পিছে।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু তেওঁৰ শিক্ষয়ত্ৰী পত্নীৰ ক’ভিড পজিটিভ ধৰা পৰে।

ইয়াৰ পিছতেই আজি বিদ্যালয়খনত শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ ক’ভিড পৰীক্ষা কৰা হয়।

বৰ্তমানলৈকে ১৫ গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে।

Also Read: Students Clash in JNU: পুনৰ ৰক্তাক্ত JNU! ছাত্ৰ সংগঠনৰ সংঘৰ্ষত আহত কেইবাগৰাকীও শিক্ষাৰ্থী

শীতৰ আগমনৰ লগে লগে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছিল যদিও যোৱা কেইদিনত ৰাজ্যখনত সংক্ৰমণ হ্ৰাস পোৱাৰ লগতে সুস্থতাৰ হাৰো উন্নত হোৱা দেখা গৈছিল।

কিন্তু তাৰ মাজতে সম্প্ৰতি বিদ্যালয়সমূহ খোলা ৰখাৰ মাজতে বিভিন্ন বিদ্যালয়ত শিক্ষক-শিক্ষাৰ্থীৰ মাজত সংক্ৰমণৰ ঘটনা ধৰা পৰিছে।