NORTHEAST NOW (Assamese)
অসম

চাপৰত বসন্ত উৎসৱ পালন, ৰাইজৰ মাজত আনন্দৰ লহৰ

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ March 22, 2022 7:22 am

পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰৰ চাৰি নম্বৰ ৱাৰ্ডস্থিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা কালী বাৰী মন্দিৰ প্ৰাংগনত উলহ- মালহেৰে উদযাপন কৰা হয় বসন্ত উৎসৱ।

নানাৰঙী সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱত বহু লোকৰ সমাগম ঘটে।

বসন্ত উৎসৱৰ লগত সংগতি ৰাখি চাপৰ চহৰত আকৰ্ষণীয় সাংস্কৃতিক শোভযাত্ৰা উলিওৱা হয়।

উল্লেখযোগ্য যে অঞ্চলটোৰ সমাজ সচেতন তথা সাংস্কৃতিক ভাবাপন্ন একাংশ মহিলাই লগ লাগি উক্ত বসন্ত উৎসৱ পালন কৰাৰ ক্ষেত্ৰত আগভাগ লয়। অনুষ্ঠানটিত বিভিন্ন জনে অংশগ্ৰহণ কৰি সহায়- সহযোগিতা আগবঢ়ায়।

শিক্ষয়িত্ৰী গীতাঞ্জলী মল্লিক বাঢ়ৈৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানত ছাত্ৰ- ছাত্ৰী সকলৰ মাজত আবৃত্তি, নৃত্যানুষ্ঠান ,সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠান উপভোগ কৰি ৰাইজ আপ্লুত হৈ পৰা পৰিলক্ষিত হয়।