NORTHEAST NOW (Assamese)
উত্তৰ-পূব

দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰৰ তালিকাত শীৰ্ষত আইজল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 15, 2021 8:48 pm
Aizawl records best air quality amongst Indian cities

মিজোৰামৰ ৰাজধানী চহৰ আইজলে ১৩২ খন ভাৰতীয় চহৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বায়ুৰ মানদণ্ডৰ চহৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ (CPCB)ৰ তথ্যত এই বাতৰি প্ৰকাশ পাইছে।

উত্তৰ-পূব ভাৰতৰ এই চহৰখনৰ ২৪ ঘণ্টাৰ বায়ু মানদণ্ড সূচক দেওবাৰে ১৩ হিচাপে নথিভুক্ত কৰা হৈছিল।

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই আজি টুইটাৰযোগে এই বাতৰি শ্বেয়াৰ কৰিছে।

 

এক টুইটযোগে তেওঁ কয়, “বায়ু গুণগত মানদণ্ডৰ ১৩ সংখ্যাৰে অসামান্য সূচকৰ সৈতে আইজল হৈছে যোৱা ২৪ ঘণ্টাত সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ সৈতে ৰেকৰ্ড কৰা শীৰ্ষ ভাৰতীয় চহৰ।”