NORTHEAST NOW (Assamese)
অসম

অসম শক্তি প্ৰতিষ্ঠানৰ প্ৰথমখন দীক্ষান্ত সমাৰোহ; আসন বৃদ্ধিৰ প্ৰচেষ্টাৰ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰীৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ November 18, 2021 5:22 pm
WhatsApp Image 2021-11-18 at 4.04.01 PM

অসম শক্তি প্ৰতিষ্ঠানৰ প্ৰথমখন দীক্ষান্ত সমাৰোহ বৃহস্পতিবাৰে শিৱসাগৰস্থিত ৰাজীৱ গান্ধী পেট্ৰোলিয়াম প্ৰতিষ্ঠানৰ (RGIPT) চৌহদত অনুষ্ঠিত হয়।

সমাৰোহত কেমিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল, পেট্ৰোলিয়াম ইঞ্জিনিয়াৰিং আদি বিভিন্ন কাৰিকৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলক ডিপ্লমা, মেডেল আদি প্ৰদান কৰা হয়।

এই সমাৰোহতে শৈক্ষিক দিশৰ লগতে ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউটৰ আন্ত:গাথঁনি ওপৰতো আলোচনা কৰে।

সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী ডা: ৰণোজ পেগু, বিধায়ক সুশান্ত বৰগোঁহাই ,অ’এন জি চি, অইল ইণ্ডিয়া লিমিটেডৰ উচ্চ পদস্থ বিষয়ববীয়া সকল উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ভাষণ প্ৰসংগত ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউটে ভাৰতবৰ্ষৰক আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব বুলি উল্লেখ কৰে। অনাগত দিনত শৈক্ষিক প্ৰতিষ্ঠান খনত আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা চলাব বুলি আশ্বাস দিয়ে তেলীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসমৰ তৈল খণ্ডৰ উন্নয়ন সন্দৰ্ভতো বক্তব্য আগবঢ়ায়। তদুপৰি কুঁহিয়াৰ, খেৰ, বাঁহ আদিৰ পৰা তেল কেনেকৈ প্ৰস্তুত কৰিব পাৰি সেই সন্দৰ্ভত এদিন পূৰ্বে দিয়া ভাষণৰ ভুল ব্যখ্যা সংবাদ মাধ্যমত প্ৰচাৰ কৰা বুলি স্বীকাৰোক্তি দিয়ে তেলীয়ে।

ইয়াৰ উপৰিও ডিগবৈ তেল শোধনাগাৰৰ ক্ষমতা বৃদ্ধি কৰা হ’ব বুলি সদৰী কৰে ৰামেশ্বৰ তেলীয়ে। ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউটৰ আসন ২১০ৰ পৰা ১০০০ খনলৈ বৃদ্ধিৰ প্ৰচেষ্টা চলাব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে।

ড° এছ শ্যমাসুন্দৰৰ সঞ্চালনাত অনুষ্ঠিত সমাৰোহত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দেশৰ নতুন শিক্ষা নীতি সন্দৰ্ভতো ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউটত উক্ত পাঠ্যক্ৰমসমূহৰ ২১০ খন আসন আছে।