NORTHEAST NOW (Assamese)
অসম

Cabinet decision বঙাইগাওঁ মহাবিদ্যালয়কো উন্নীত কৰা হ’ব বিশ্ববিদ্যালয়লৈ, কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ ঘোষণা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 24, 2021 3:05 pm

ৰাজ্যত আৰু বৃদ্ধি পাব আন এখন বিশ্ববিদ্যালয়।

নামনি অসমৰ অতি গুৰুত্বপূৰ্ণ চহৰ বঙাইগাঁৱত স্থাপন কৰা হ’ব আন এখন বিশ্ব বিদ্যালয়।

আজি বঙাইগাঁৱত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ব বিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি ঘোষণা কৰে।

তেওঁ কয় যে তিনি বছৰৰ ভিতৰত বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ব বিদ্যালয়লৈ উন্নীত কৰা হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাকলৈ উৎসাহিত হৈ পৰিছে নামনি অসমৰ বিদ্বৎ মহল।

উল্লেখ্য ৰাজ্যৰ পাঁচ খন আগশাৰীৰ মহাবিদ্যায়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত অলপতে অনুষ্ঠিত হোৱা উত্তৰ-পূব শৈক্ষিক সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছিল।

তেওঁ কৈছিল যে নতুন শিক্ষা নীতিৰ আধাৰতে ৰাজ্যৰ পাঁচ খন মহাবিদ্যালয়ক দুবছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব।

বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবলগীয়া মহাবিদ্যালয়ৰ ভিতৰত যোৰহাটৰ জে বি কলেজ,শিৱসাগৰৰ শিৱসাগৰ কলেজ,গুৱাহাটীৰ সন্দিকৈ কলেজৰ লগতে লখিমপুৰ আৰু নগাঁৱৰ দুখন কলেজ আছে।

উক্ত অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুও উপস্থিত আছিল।

অসম চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰাৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠন কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল।

আজি বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবলগীয়া মহাবিদ্যালয়ৰ তালিকা খন আৰু অলপ দীঘল কৰি বঙাইগাঁও মহাবিদ্যালয়ৰ নামটো সন্নিবিষ্ট কৰে।