NORTHEAST NOW (Assamese)
অসম

টীয়কত গাঁৱে গাঁৱে মিছন বসুন্ধৰা আঁচনি লৈ প্ৰশাসনৰ বিশেষ পদক্ষেপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2021 4:43 pm
Special steps taken by the administration on the Mission Vasundhara Scheme in Teok

মিছন বসুন্ধৰা,অসম চৰকাৰৰ এক বিশেষ আঁচনি। ‘মোৰ ভূমি মোৰ অধিকাৰ’ শীৰ্ষক শ্ল’গানেৰে এই আঁচনিৰ জৰিয়তে ভূমি সম্বন্ধীয় সকলো সমস্যা দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।

বিশেষকৈ চৰকাৰী আৱন্টনপ্ৰাপ্ত ভূমি ম্যাদীকৰণ, উত্তৰাধিকাৰী সুত্ৰে নামজাৰি, একচনীয়া পট্টা ম্যাদীকৰণ, দলিল সুত্ৰে নামজাৰি,বিবাদমুক্ত বাতোৱাৰা, মাটীৰ শ্ৰেণী পৰিবৰ্তন, ভূমিৰ নথি সংশোধনী, পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভূক্তকৰণ, ৰাজহ নথিৰ পৰা দখল তথা স্বত্তবিহীন পট্টাদাৰৰ নাম কৰ্তন আদিৰ অন্তৰ্ভূক্ত কৰিছে এই মিছনত।

তাৰে পৰিপেক্ষত টীয়কৰ বিভিন্ন অঞ্চলত টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে গাঁৱে গাঁৱে ৰাজহ আদালত অনুষ্ঠিত কৰি ৰাইজৰ ভূমি সম্বন্ধীয় কাম-কাজ কৰাত ব্যস্ত হৈ পৰিছে।লগতে এই ক্ষেত্ৰত আৰু অধিক সজাগতা আনিবলৈ বিভিন্ন অঞ্চলত বাটৰ নাট,ঘোষণা আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য এই যে অহা ৩০ নৱেম্বৰ এই সুবিধাসমূহ গ্ৰহণৰ অন্তিম দিন। সেয়ে ৩০ নৱেম্বৰৰ ভিতৰত সকলোকে আহি বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৈতে ৰাইজক যোগাযোগ কৰিবলৈ কাৰ্যালয়ৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে।