NORTHEAST NOW (Assamese)
Popular Stories

পুৰণি বৰ্ণবাদী টুইটক কেন্দ্ৰ কৰি বিতৰ্কত টুইটাৰৰ নতুন CEO ভাৰতীয় বংশোদ্ভৱ পৰাগ আগৰৱালা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 30, 2021 8:16 pm
Twitter new CEO

জেক ডৰছেৰ ঠাইত টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি পোৱা ভাৰতীয় বংশোদ্ভৱ পৰাগ আগৰৱালা এটা পুৰণি টুইটক কেন্দ্ৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে। ১১ বছৰ পুৰণি এটা বৰ্ণবাদী মন্তব্য সন্নিবিষ্ট টুইটৰ বাবে সামাজিক মাধ্যমত তেওঁ সমালোচনাৰ সন্মুখীন হৈছে।

২০১০ চনত আগৰৱালে আমেৰিকাত বৰ্ণবাদ আৰু ইছলামোফোবিয়াক উপহাস কৰা এজন কৌতুক অভিনেতাৰ উদ্ধৃতি দিছিল।

“যদি তেওঁলোকে মুছলমান আৰু উগ্ৰপন্থীৰ মাজত পাৰ্থক্য নিৰূপণ কৰিব নোৱাৰে, তেন্তে মই শ্বেতাংগ লোক আৰু বৰ্ণবাদীসকলৰ মাজত কিয় পাৰ্থক্য বিচাৰ কৰিব লাগে।” আগৰৱালে ২৬ অক্টোবৰ, ২০১০ ত পোষ্ট কৰা টুইটটোত কয়।

 

এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কলোৰাডোৰ চতুৰ্থ কংগ্ৰেছনেল ডিষ্ট্ৰিক্টক প্ৰতিনিধিত্ব কৰা ৰিপাব্লিকান কেন বাকে প্ৰশ্ন কৰে যে ব্যৱহাৰকাৰী সকলে কেনেকৈ টুইটাৰৰ নতুন চিইঅ’ক সকলোৰে সৈতে সমান ব্যৱহাৰ কৰিব বুলি বিশ্বাস কৰিব পাৰে?

টিনেছিৰ চিনেটৰ মাৰ্চা ব্লেকবাৰ্নে কয়, “এইয়া পৰাগ আগৰৱাল, টুইটাৰৰ নতুন CEO আৰু এই ব্যক্তিজনেই এতিয়া টুইটাৰত কেনে ধৰণৰ বক্তব্য ব্যৱহাৰ কৰা হ’ব সেইয়া নিৰূপণ কৰিব।”

আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখে, “টুইটাৰৰ নতুন CEO এজন বৰ্ণবাদী। মই কিয় আচৰিত নোহোৱাকৈ থাকিম?”

অৱশ্যে আগৰৱালে এজন ব্যৱহাৰকাৰীক তেওঁৰ পূৰ্বৰ মন্তব্যৰ স্পষ্টীকৰণ দিয়ে। “মই দ্য ডেইলী শ্ব’ৰ পৰা আচিফ মাণ্ডৱীৰ উদ্ধৃতি দি আছিলো। আপুনি পঢ়ি থকা প্ৰবন্ধটো মোৰ বৰ্তমানৰ মানসিক অৱস্থাৰ বাবে অতি গভীৰ যেন লাগিছে।” তেওঁ পোষ্ট কৰিছিল।

উল্লেখ্য যে আগৰৱালে ফেচবুকৰ বিষয়েও পোষ্ট কৰিছিল আৰু উল্লেখ কৰিছিল যে সামাজিক মাধ্যম কেৱল সময়ৰ অপচয়। “ফেচবুক এখন কাৰাগাৰৰ দৰে। আপুনি চাৰিওফালে বহি থাকিব, সময় অপচয় কৰিব, এখন প্ৰ’ফাইল ছবি আছে, দেৱালত লিখিব আৰু আপুনি নজনা ব্যক্তিৰ দ্বাৰা পোক কৰিব।” তেওঁ লিখিছিল।

আগৰৱালে ২০২২ চনত চিইঅ’ হিচাপে দায়িত্ব গ্ৰহণ কৰিব।