NORTHEAST NOW (Assamese)
অসম

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুই বনৰীয়া হাতীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2021 3:51 pm

মঙলবাৰে নিশা কামৰূপ মেট্ৰ’ জিলাৰ খেত্ৰী অঞ্চত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুটা বনৰীয়া হাতীৰ মৃত্যু হয়।

খেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰুং মইনাজান অঞ্চলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। খাদ্যৰ সন্ধানত বনৰীয়া হাতী কেইটাই ৰেলপথ পাৰ হ’বলৈ চেষ্টা কৰোঁতেই ৰে’লখনে হাতী দুটাক মহতীয়াই নিয়ে।

স্থানীয় লোকে জনোৱা মতে, মঙলবাৰে নিশা প্ৰায় ১০ বজাত এই ঘটনা সংঘটিত হয়।

স্থানীয় লোকে লগতে কয় যে, হাতীৰ এটা জাকে নিয়মীয়াকৈ খাদ্য বিচাৰি অঞ্চলটোত বিচৰণ কৰিছে।

ইফালে, বন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁলোকে জনায় যে ৰে’ল আৰক্ষীৰ সহায়ত মৰণোত্তৰ পৰীক্ষা কৰা হয় আৰু তাৰ পিছত দুয়োকে এক নিৰ্ধাৰিত স্থানত সমাধিস্থ কৰা হ’ব।

ওচৰৰ অঞ্চলৰ স্থানীয় লোকসকলে মৃত হাতী দুটাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ ঘটনাস্থলীত উপস্থিত হয়।