NORTHEAST NOW (Assamese)
অসম

Covid Update ৰাজ্যত নতুনকৈ কিমানজন আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2021 6:49 am
coronavirus71-1622016981

Covid Update ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে। এনে পৰিস্থিতি অব্যাহত থকালৈ চাই অসমত কোভিড নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।

বুধবাৰৰ দিনটোত ৰাজ্যখনত কোভিডত ৫গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৮৭ গৰাকী লোক।

এই সময়ছোৱাত ৩২,৪৪১টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১০০ গৰাকী লোক। সেইদৰে, ১২গৰাকী তিনিচুকীয়াত, ১০ গৰাকী নলবাৰীত আৰু ৬গৰাকী বৰপেটাত আক্ৰান্ত হৈছে।

বৰ্তমান ৰাজ্যত কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২৬৫গৰাকী ৰোগী।

বুধবাৰৰ দিনটোত ৰাজ্যত কোভিডৰ পৰা সুস্থ হৈ উঠিছে ১৯৫ গৰাকী লোক।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৫৮ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৫৯ শতাংশ।

আনহাতে, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কেইবাগৰাকীও শিক্ষাৰ্থী তথা কৰ্মচাৰী কোভিডত আক্ৰান্ত হোৱাৰ পাছত বুধবাৰে মাইক্ৰ’ কন্টেইমেন্ট জ’ন ঘোষণা কৰা হৈছে আৰু অহা ৭ ডিচেম্বৰলৈ সকলো পাঠদান তথা পৰীক্ষা স্থগিত ৰখা হৈছে।