NORTHEAST NOW (Assamese)
অসম

ধ্বংসৰ গৰাহত ঐতিহাসিক শিৱসাগৰৰ শিল সাঁকো; প্ৰশাসনক দহ দিনৰ সময়সীমা বান্ধি দিলে আটাছুৱে

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ November 10, 2019 7:39 am
20191109_145009

শিৱসাগৰৰ শিল সাঁকো। দৈনিক লাখ লাখ সৰু ডাঙৰ গাড়ী এই শিল সাঁকোৰ ওপৰেদি পাৰ হৈ গৈ আছে। ৬০০ বছৰীয়া আহোম শাসনকালৰ ইতিহাস স্বাক্ষৰিত  শিৱসাগৰৰ নামদাঙৰ এই শিল সাঁকো এতিয়া ধ্বংসৰ গৰাহত।

ঐতিহাসিক শিল সাঁকোৰ সংযোগী পথৰ এফালে এটা বৃহৎ অংশ ভাগি যোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ১৭০৩ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এচটা শিলৰ ওপৰত নিৰ্মাণ কৰিছিল নামদাং উপ নদীৰ ওপৰত এই শিলৰ সাঁকো।

এই শিলৰ সাঁকোৰ দৈৰ্ঘ্য ২০২ ফুট আৰু প্ৰস্থ ২১.৫ ফুট। নামদাং নদীৰ পানী প্ৰৱাহিত হ’বৰ বাবে নিৰ্মাণ কৰা হৈছিল সাতটা সুৰংগৰ। বহু দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু এই শিল সাঁকো।

কিন্তু এতিয়া ধ্বংসৰ গৰাহত নামদাং শিলসাঁকো। পূৰ্বতে কেইবাটাও সৰু সৰু ফাঁট মেলা এই শিল সাঁকোত বৰ্তমান এটা ফালে বৃহৎ এচমকা শিল ভাঙি যোৱা দেখা গৈছে।

পিচে, নামদাঙৰ শিল সাঁকোৰ সংৰক্ষণ তথা মেৰামতিত কোনো গুৰুত্ব দিয়া নাই ৰাজ্যিক তথা কেন্দ্ৰীয় পুৰাতত্ব বিভাগ আৰু জিলা প্ৰশাসনে।

শিল সাঁকোক সংৰক্ষণৰ বাবে প্ৰশাসনক দহ দিনৰ সময়সীমা বান্ধি দিলে আটাছুৱে। অন্যথা আটাছুৱে শিল সাঁকোৰ ওপৰেদি যানবাহন চলাচল বন্ধ কৰি দিব বুলি হুংকাৰ দিয়ে।

উল্লেখ্য যে পৰ্যটকক আকৰ্ষিত কৰিবলৈ চৰকাৰে বিদেশত গৈ ৰোড শ্ব’ কৰাৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনেও বহু কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমুহ সংৰক্ষণ তথা মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই।