NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা : দেশত কেতিয়াৰ পৰা কোন কোন শ্ৰেণীৰ কেনেকৈ হ’ব পাঠদান?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 9, 2020 7:07 am

২১ চেপ্টেম্বৰৰ পৰা সমগ্ৰ ভাৰততে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ অনুমতি প্ৰদান কৰা হৈছে।

ইয়াক লৈ কেন্দ্ৰীয় স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে দিছে কিছু নিয়মাৱলী।

ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহিলেও কিন্তু ছাত্ৰ-ছাত্ৰীসকলে মানি চলিব লাগিব কিছু নিয়ম।

শিক্ষক-শিক্ষয়ত্ৰীৰ পৰামৰ্শ লৈ অভিভাৱকৰ অনুমতিত বিদ্যালয়লৈ আহিব পাৰিব ছাত্ৰ-ছাত্ৰীসকল।

ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ ক’ভিড প্ৰটোকল মানিহে শ্ৰেণীকোঠাত পাঠদান কৰিব পাৰিব।

মাস্ক আৰু হেণ্ড চেনিটাইজাৰ বাধ্যতামূলকভাৱে ব্যৱহাৰ কৰাৰ লগতে চাবোন বা হেণ্ডৱাশ্বৰে ৪০ ৰ পৰা ৬০ চেকেণ্ড পৰ্যন্ত হাত ধুব লাগিব।

ছাত্ৰ-ছাত্ৰীসকল স্ব ইচ্ছা অনুসৰি বিদ্যালয়লৈ আহিব পাৰিব।

শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাত ৬ ফুট দূৰত্ব মানি চলিব লাগিব।

কণ্টেইনমেণ্ট জ’নত থকা বিদ্যালয় সমূহ বন্ধ থাকিব আৰু কণ্টেইনমেণ্ট জ’নৰ পৰা ছাত্ৰ-ছাত্ৰী শিক্ষকসকল বিদ্যালয়লৈ আহিব নালাগে বুলি নিৰ্দেশনাত উল্লেখ কৰে।

৫০ শতাংশ শিক্ষক কৰ্মচাৰীৰে বিদ্যালয় চলোৱাৰ পৰামৰ্শ দিয়া হৈছে।

যিবিলাক বিদ্যালয় ক’ভিড কেয়াৰ বা কুৱাৰেন্টাইন চেণ্টাৰলৈ ৰূপান্তৰ কৰা হৈছিল সেইসমূহ বিদ্যালয় ২১ ছেপ্টেম্বৰৰ পূৰ্বে সুন্দৰভাৱে চেনিটাইজ আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলাৰ নিৰ্দেশ দিয়া হৈছে।

বিদ্যালয়ত পিক পেলোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা দিয়াৰ লগতে আৰোগ্য সেঁতু এপ ডাউনলোড কৰিবলৈ পৰামৰ্শ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ।