NORTHEAST NOW (Assamese)
অসম

‘পাঁচ কোটি টকা লৈ বিজেপিক নিৰ্বাচনত সহায় কৰিছে কংগ্ৰেছৰ তিনিগৰাকী বিধায়কে’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2019 7:25 am
24-04-19-Guwahati-Anwar-Hussain-Laskar-press-conference-1

লোকসভা নির্বাচনক কেন্দ্ৰকৰি বৰাক উপত্যকাৰ কৰিমগঞ্জ সমষ্টিকলৈ আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মাজত নিৰ্বাচনৰ পাছৰ পৰ্যায়ৰ অভিযোগ-প্ৰতিঅভিযোগৰ খেলখন।

এ আই য়ু ডি এফৰ দুই বিধায়ক আনোৱাৰ লস্কৰ আৰু ছুজামুদ্দিন লস্কৰে লোকসভা নিৰ্বাচনত বৰাক উপত্যকাত কংগ্ৰেছৰ তিনিজন নেতা ক্ৰমে গৌতম ৰয়, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলেক্ষ দেৱ পুৰকায়স্থই বিজেপিৰ পৰা পাঁচ কোটি টকা লৈ বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাক জয়ৰ বাবে সহায় কৰিছে বুলি সংবাদ মাধ্যমৰ জৰিয়তে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এ আই য়ু ডি এফৰ বিধায়ক দুজনৰ এনে অভিযোগৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা ছিদ্দিক আহমেদে এনে অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰাৰ লগতে তেওঁলোকে ইয়াৰ প্ৰমান দিব পাৰিবনে বুলি প্ৰশ্ন কৰে।

আনহাতে, ছিদ্দিক আহমেদ জনোৱা প্ৰত্যাহবান গ্ৰহণ কৰি আনোৱাৰ লস্কৰে কয় যে তেওঁলোকে ইয়াৰ সম্পুৰ্ণ তথ্য আৰু প্ৰমান দিবৰ বাবে সাজু আছে। কংগ্ৰেছৰ নেতাকেইগৰাকীৰ প্ৰত্যাহবান গ্ৰহণ কৰি তেওঁলোকে নিৰ্ধাৰণ কৰা দিন আৰু তাৰিখ মতে তথ্য আৰু প্ৰমাণ ৰাজহুৱা কৰাৰ কথা উল্লেখ কৰে এ আই য়ু ডি এফৰ বিধায়ক দুগৰাকীয়ে।